নিশিতা গোস্বামী
অৱয়ব
নিশিতা গোস্বামী | |
---|---|
জন্ম | ১৯ অক্টোবৰ, ১৯৮২ (৪২ বছৰ) গুৱাহাটী, অসম |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
অন্য নাম | চিতলী[1] |
পেচা | অভিনেত্ৰী |
জনা যায় | অভিনয় |
গৃহস্থান | গুৱাহাটী, অসম |
ধৰ্ম | হিন্দু |
দাম্পত্যসঙ্গী | চয়ন চক্ৰৱৰ্তী |
নিশিতা গোস্বামী (ইংৰাজী: Nishita Goswami) অসমীয়া চলচ্চিত্ৰৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। ১৯৮২ চনৰ ১৯ অক্টোবৰত অসমৰ গুৱাহাটীত তেখেতৰ জন্ম হয়। তেখেতৰ মাতৃৰ নাম মলয়া গোস্বামী[2] আৰু পিতৃৰ নাম প্ৰদীপ গোস্বামী। মাতৃ মলয়া গোস্বামীয়ো এগৰাকী জনপ্ৰিয় অসমীয়া অভিনেত্ৰী আৰু তেখেতৰ পৰাই নিশিতাই চলচ্চিত্ৰত অভিনয় কৰা সুবিধা পায়৷ অসমৰ বিভিন্ন ভ্ৰাম্যমাণ থিয়েটাৰটো তেখেতে অভিনয় কৰি আহিছে। তেখেতে প্ৰায় ৬ বছৰ বয়সতে ৰাতি ফুলা ফুল ছবিৰ জৰিয়তে অভিনয় জগতত খোজ দিয়ে। তেখেতে বৰ্তমানলৈ বহুতো অসমীয়া চলচ্চিত্ৰত অভিনয় কৰি দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷[2] অসমৰ বিভিন্ন আলোচনী আদিৰ বেটুপাতত তেখেতৰ চিত্ৰই স্থান লাভ কৰিছে।
অভিনীত চলচ্চিত্ৰ
[সম্পাদনা কৰক]- মন
- কাদম্বৰী
- চুৰেণ চোৰৰ পুতেক
- অধিনায়ক
- মন যায়
- ৰং
- দীনবন্ধু
- অস্তৰাগ
- ধন কুবেৰৰ ধন
- ৰামধেনু[2]
- ৰিচাং
- মনে মোৰ কইনা বিচাৰে
- জিলমিল জোনাক
- ৰত্নাকৰ
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Nishita Goswami". Easternpanorama.in. http://www.easternpanorama.in/index.php?option=com_content&view=article&id=1227:nishita-goswami&catid=64:december। আহৰণ কৰা হৈছে: 2013-01-30.
- ↑ 2.0 2.1 2.2 "Nishita Goswami - Biography, Profile, Photo, Wallpaper of the hot Assamese Actress". Assam Journal. Archived from the original on 2012-06-22. https://web.archive.org/web/20120622200012/http://www.assamjournal.com/2011/04/nishita-goswami-biography-profile-photo.html। আহৰণ কৰা হৈছে: 2013-01-30.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
|