তপন দাস
তপন দাস | |
---|---|
তপন দাস | |
জন্ম | ১১ জানুৱাৰী, ১৯৬২ গুৱাহাটী, অসম, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষানুষ্ঠান | অসম অভিযান্ত্ৰিক মহাবিদ্যালয় |
পেচা | অভিনেতা, লেখক |
জনা যায় | অভিনয় |
তপন দাস (ইংৰাজী: Tapan Das) অসমৰ এগৰাকী মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা, নাট পৰিচালক, আবৃত্তিকাৰ আৰু গল্প লিখক।[1]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]তপন দাসৰ জন্ম হৈছিল ১৯৬২চনৰ ১১ জানুৱাৰীত।[2] ৮০ ৰ দশকৰ আৰম্ভণিত হাইস্কুলত পঢ়ি থকাৰে পৰা তেওঁ অভিনয়ৰ সৈতে জড়িত। তেওঁৰ দেউতাক অসম চৰকাৰৰ গড়কাপ্তানি বিভাগৰ এজন বিষয়া আছিল আৰু সঘনাই এঠাইৰ পৰা আন ঠাইলৈ বদলি হৈছিল। সেয়ে তেওঁ অসমৰ বিভিন্ন ঠাইৰ বিদ্যালয়ত পঢ়িবলগীয়া হৈছিল। এটা সাক্ষাৎকাৰত নিজে কোৱা মতে তেওঁ অসমৰ বিশিষ্ট শিক্ষানুষ্ঠান অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ আছিল। গুৱাহাটীৰ মঞ্চত অভিনয়ৰ যোগে তেওঁ খ্যাতি অৰ্জন কৰিছিল।
কৰ্মজীৱন
[সম্পাদনা কৰক]হাইস্কুলত পঢ়ি থকাৰ সময়তে তপন দাস প্ৰথমে মঞ্চ অভিনয়ৰ লগত জড়িত হয়। গুৱাহাটীৰ মঞ্চত অভিনয় কৰি জনপ্ৰিয় হোৱা তপন দাসে বোলছবিত প্ৰথম অভিনয় কৰে পুলক গগৈ পৰিচালিত 'সেন্দূৰ'ত। বৰ্তমানলৈ কমেও ২০খন বোলছবিত তপন দাসে অভিনয় কৰিছে।[3]
বোলছবিৰ বাহিৰেও তপন দাসে কহিনুৰ, বৰদৈচিলা, শকুন্তলা থিয়েটাৰত ভ্ৰাম্যমাণৰ মঞ্চত অভিনয় কৰিছে। ভ্ৰাম্যমাণৰ মঞ্চত অভিনয়ৰ উপৰি হেঙুল আৰু ওপৰত উল্লিখিত থিয়েটাৰ সমূহত নাট পৰিচালনাও কৰিছে।[2] ২০১১ বৰ্ষত তপন দাসে ৰাজতিলক থিয়েটাৰত অভিনয় কৰে। তাৰ পিছত তেখেতে থিয়েটাৰ সূৰ্য্যৰ সৈতে জড়িত হৈ পৰে।
তপন দাসে বিস্ময় আলোচনীৰ পাতত প্ৰথমে চুটি গল্প লিখিবলৈ আৰম্ভ কৰে। [উদ্ধৃতিৰ প্ৰয়োজন]
তপন দাসে আবৃত্তিকাৰ হিচাপেও সুখ্যাতি অৰ্জন কৰিছে। তপন দাসৰ দ্বাৰা আবৃত্তি কৰা নীলিম কুমাৰৰ কবিতাই এটা সময়ত প্ৰভুত পৰিমাণে জনপ্ৰিয়তা অৰ্জন কৰিছিল। [উদ্ধৃতিৰ প্ৰয়োজন]
অভিনীত ছবি
[সম্পাদনা কৰক]
|
|
|
প্ৰকাশিত গল্পপুথি
[সম্পাদনা কৰক]স্বীকৃতি আৰু সন্মান
[সম্পাদনা কৰক]- ২০১২: ৰূপকাৰ বঁটা[3][4]
- ২০২১: চুটিগল্পৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে জগন্নাথ ঠাকুৰ বঁটা প্ৰদান৷[5][6]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "অভিনেতা তপন দাসলৈ ৰূপকাৰ বঁটা ২০১২", সাদিন, ৬ জানুৱাৰী ২০১২
- ↑ 2.0 2.1 "About Tapan Das". Rupaliparda.com. Archived from the original on 2012-10-19. https://web.archive.org/web/20121019220456/http://www.rupaliparda.com/english/who%27s-who/tapandas.htm। আহৰণ কৰা হৈছে: 2013-03-24.
- ↑ 3.0 3.1 TI Trade (2012-01-06). "The Assam Tribune Online". Assamtribune.com. Archived from the original on 2012-01-13. https://web.archive.org/web/20120113052702/http://www.assamtribune.com/scripts/detailsnew.asp?id=jan0612%2Fcity06। আহৰণ কৰা হৈছে: 2013-03-24.
- ↑ 4.0 4.1 4.2 "The Sentinel". Sentinelassam.com. http://www.sentinelassam.com/ghy_city/story.php?sec=2&subsec=4&id=102792&dtP=2012-01-06&ppr=1। আহৰণ কৰা হৈছে: 2013-03-24.[সংযোগবিহীন উৎস]
- ↑ 5.0 5.1 Staff Reporter (18 October 2021). "Literary award to Tapan Das". The Assam Tribune. প্ৰকাশক Guwahati.
- ↑ ধ্ৰুৱজ্যোতি বৰা (জানুৱাৰী). গৰীয়সী. ঊনিত্ৰংশ বছৰ. pp. ২৯.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- তপন দাস সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
|