সমললৈ যাওক

ডাঙৰ ক'লা শংখচূড় সাপ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডাঙৰ ক'লা শংখচূড় সাপ
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
সাম্ৰাজ্য: Eukaryota
ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Reptilia
বৰ্গ: Squamata
উপবৰ্গ: Serpentes
পৰিয়াল: Elapidae
গণ: Bungarus
প্ৰজাতি: B. niger
বৈজ্ঞানিক নাম
Bungarus niger
ৱাল, ১৯০৮
ডাঙৰ ক'লা শংখচূড় সাপৰ বিতৰণ

ডাঙৰ ক'লা শংখচূড় সাপ (বৈজ্ঞানিক নাম:Bungarus niger) বা গ্ৰেটাৰ ব্লেক ক্ৰেইট ইলাপিডি (Elapidae) পৰিয়ালৰ অন্তৰ্গত বাংগাৰাছ (Bungarus) প্ৰজাতিৰ এটা বিষধৰ ক্ৰেইট সাপ। এই প্ৰজাতিটো দক্ষিণ এছিয়াৰ স্থানীয়।

ক 'লা শংখচূড় সাপৰ দৈৰ্ঘ্য মধ্যমীয়া, শৰীৰ চিকুন আৰু ত্ৰিকোণীয়, নেজ চুটি আৰু জোঙা। ইয়াৰ সৰ্বোচ্চ দৈৰ্ঘ্য (নেজকে ধৰি) প্ৰায় ১.৩ মিটাৰলৈকে (৪.৩ ফুট) হ’ব পাৰে, কিন্তু এটা প্ৰাপ্তবয়স্ক সাপ গড়ে সাধাৰণতে প্ৰায় ০.৮ মিটাৰ (২.৬ ফুট) দৈৰ্ঘ্যৰ হয়।

  • ৰং : চকু দুটাৰ ৰং ক’লা; জিভাখন গোলাপী বৰণৰ আৰু জিভাৰ আগটো পাতল। ওপৰৰ আৰু তলৰ লেবিয়াল, চিবুক আৰু ভেণ্টাৰৰ আগফালৰ অংশ বগা ৰঙৰ। পৃষ্ঠীয়ভাৱে ই চিকচিকিয়া ক’লা, আন্তঃস্কেলৰ ৰং বগা। ভেণ্টাৰটো ক্ৰীম ৰঙৰ বগা আৰু ইয়াৰ ধাৰটো ক’লা, যিটো শৰীৰৰ মাজৰ পৰা পিছফালে থাকে।
  • মূৰটো চেপেটা আৰু ডিঙিৰ পৰা অলপ পাৰ্থক্য দেখা পোৱা যায়।
  • চকু দুটা সৰুৰ পৰা মজলীয়া আকাৰৰ, চকুৰ মণি ঘূৰণীয়া।
  • পিঠিৰ চাল মসৃণ আৰু চিকচিকিয়া, মেৰুদণ্ডৰ চালৰ বাকলিবোৰ ডাঙৰ আৰু ষড়ভুজৰ দৰে। পৃষ্ঠীয় বাকলিৰ সংখ্যা ১৫ - ১৫ - ১৫। [2]সৰু ক'লা শংখচূড় সাপ বা লেছাৰ ব্লেক ক্ৰেইট (Bungarus lividus) সাপৰ সৈতে দেখিবলৈ প্ৰায় একে যদিও ইয়াক পৃষ্ঠীয় মেৰুদণ্ডৰ ডাঙৰ বাকলিবোৰৰ দ্বাৰা পৃথক কৰিব পাৰি। বাকলিবোৰ মসৃণ আৰু গাঁতবিহীন।
  • আন সকলো বাংগাৰছ প্ৰজাতিৰ তুলনাত ইহঁতৰ পেটৰ বাকলিৰ সংখ্যা বেছি। [3]

বিতৰণ আৰু বাসস্থান

[সম্পাদনা কৰক]

ক 'লা শংখচূড় সাপ উত্তৰ-পূব আৰু উত্তৰ ভাৰত ( অসম, ছিকিম, অৰুণাচল প্ৰদেশ, উত্তৰাখণ্ড ), নেপাল, ভূটান, আৰু বাংলাদেশত পোৱা যায়। দাৰ্জিলিঙৰ ওচৰৰ টিন্ধাৰিয়াৰ ওচৰৰ পৰা পোৱা নমুনাৰ পৰা ফ্ৰেংক ৱালে এই প্ৰজাতিটোৰ বিষয়ে বৰ্ণনা কৰিছিল।[4] জলপাইগুৰি চহৰৰ লগতে জিলাখনৰ অন্যান্য অঞ্চলতো এই প্ৰজাতিটোৱে পোৱা যায়। মেংগ্ৰোভ জলাশয়ৰ বসতিপ্ৰধান গাঁৱৰ পৰা আৰম্ভ কৰি সমুদ্ৰ পৃষ্ঠৰ ১,৫০০ মিটাৰ (৪,৯০০ ফুট) উচ্চতাৰ হিমালয়ৰ পাদদেশৰ পাহাৰীয়া অৰণ্যৰ বিভিন্ন ধৰণৰ বাসস্থানত এই সাপে বাস কৰে। [5] উত্তৰ-পূব ভাৰতৰ চাহ বাগিচাসমূহত প্ৰায়ে এই সাপ দেখা পোৱা যায়।

আচৰণ আৰু পৰিৱেশ বিজ্ঞান

[সম্পাদনা কৰক]

ক 'লা শংখচূড় সাপ এবিধ শান্ত স্বভাৱৰ নিশাচৰ আৰু স্থলজ সাপ। আমনি কৰিলে ই ঢিলাকৈ কুণ্ডলীবদ্ধ হৈ মূৰটো শৰীৰৰ তলত লুকুৱাই ৰাখে। ধাৰাবাহিকভাৱে আমনি কৰিলে ই দংশন কৰিব পাৰে। ই সাধাৰণতে অন্য সাপ আৰু সৰু স্তন্যপায়ী প্ৰাণী আৰু মাজে মাজে সৰিসৃপ, বেং, আৰু মাছ চিকাৰ কৰে।[2]

ক 'লা শংখচূড় সাপৰ বিষত প্ৰিচিনেপ্টিক আৰু প’ষ্টচিনেপ্টিক নিউৰ'টক্সিন থাকে আৰু ইয়াত মাই'টক্সিনো থাকিব পাৰে। এই সাপটোক প্ৰায়ে উপেক্ষা কৰা হয় যদিও চিকিৎসা বিজ্ঞানৰ ফালৰ পৰা ই এক গুৰুত্বপূৰ্ণ প্ৰজাতি, কিয়নো প্ৰতি বছৰে ই বহু লোকক দংশন কৰে। ইয়াৰ লগত জড়িত মৃত্যুৰ হাৰ জনা নাযায় যদিও যথেষ্ট বেছি বুলি কোৱা হয়।[2][5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Das, A.; Ghosh, A.; Giri, V.; Limbu, K.P. (2022). Bungarus niger. 2022. p. e.T127914430A219117076. doi:10.2305/IUCN.UK.2022-2.RLTS.T127914430A219117076.en. 
  2. 2.0 2.1 2.2 "Bungarus niger – General Details". Clinical Toxinology Resource. University of Adelaide. Archived from the original on 28 January 2016. https://web.archive.org/web/20160128015403/http://www.toxinology.com/fusebox.cfm?fuseaction=main.snakes.display&id=SN0024। আহৰণ কৰা হৈছে: 17 April 2012. 
  3. Theophilus, Emmanuel; Captain, Ashok; Tillack, Frank; Kuch, Ulrich (2008).
  4. Whitaker, Romulus; Captain, Ashok (2004). Snakes of India, The Field Guide. প্ৰকাশক Chennai: Draco Books. 495 pp.. ISBN 81-901873-0-9. 
  5. 5.0 5.1 Ghose A. "Black snakes at night Bungarus niger, an overlooked cause of snakebite envenoming in South Asia". Archived from the original on 2016-11-16. https://web.archive.org/web/20161116101112/http://www.docstoc.com/docs/50537495/Black-snakes-at-night-Bungarus-niger--an-overlooked। আহৰণ কৰা হৈছে: 17 April 2012. 

অধিক পঢ়ক

[সম্পাদনা কৰক]
  • Das I (2002). A Photographic Guide to Snakes and other Reptiles of India. Sanibel Island, Florida: Ralph Curtis Books. 144 pp. আই.এচ.বি.এন. 0-88359-056-5. (Bungarus niger, p. 51).
  • Grosselet O, Vauche M, Gupta A, Gupta S (2004). "Bungarus niger Wall, 1908 (Reptilia: Serpentes: Elapidae): Extension of range to Cachar district, Assam, India". Russian J. Herpetol. 11 (1): 10-11.
  • Slowinski JB (1994). "A phylogenetic analysis of Bungarus (Elapidae) based on morphological characters". Journal of Herpetology 28 (4): 440-446.
  • Smith MA (1943). The Fauna of British India, Ceylon and Burma, Including the Whole of the Indo-Chinese Sub-region. Reptilia and Amphibia. Vol. III.—Serpentes. London: Secretary of State for India. (Taylor and Francis, printers). xii + 583 pp. (Bungarus niger, p. 417).
  • Tillack, Frank; Grossmann, Wolfgang (2001). "Ein neuer Nachweis zur Schlangenfauna Nepals: Bungarus niger Wall, 1908 (Reptilia: Serpentes: Elapidae) ". Sauria 23 (1): 3-9. (in German).
  • Wall F (1908). "A Popular Treatise on the Common Indian Snakes. Part VIII". J. Bombay Nat. Hist. Soc. 18 (4): 711-735 + Plate VIII. (Bungarus niger, new species, pp. 715–716).