চাৰুচন্দ্ৰ চক্ৰৱৰ্তী
চাৰুচন্দ্ৰ চক্ৰৱৰ্তী | |
---|---|
জন্ম | ২৩ মাৰ্চ, ১৯০২ ব্ৰাহ্মণদাঙ্গা, ফৰিদপুৰ, ব্ৰিটিশ ভাৰত (বৰ্তমানৰ বাংলাদেশ) |
মৃত্যু | ২৫ মে', ১৯৮১ (৭৯ বছৰ) কলিকতা, ভাৰত |
ছদ্মনাম | জৰাসন্ধ |
পেচা | সাহিত্যিক, ঔপন্যাসিক |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
ধৰণ | উপন্যাস |
উল্লেখনীয় কৰ্মৰাজি | লৌহকপাট, তামসী, পাড়ি, অপৰ্ণা |
উল্লেখযোগ্য বঁটা | শৰৎচন্দ্ৰ পুৰস্কাৰ |
চাৰুচন্দ্ৰ চক্ৰৱৰ্তী (২৩ মাৰ্চ, ১৯০২ — ২৫ মে', ১৯৮১) এজন বাংলা লেখক আৰু ঔপন্যাসিক। তেওঁ ‘জৰাসন্ধ’ ছদ্মনামে পৰিচিত। [1] চাৰুচন্দ্ৰ চক্ৰৱৰ্তীৰ জন্ম হৈছিল ব্ৰিটিছ ভাৰত, বৰ্তমান বাংলাদেশৰ পূৰ্ৱ বংগৰ ফৰিদপুৰ জিলাৰ ব্ৰাহ্মণদাঙ্গাত। [2]
জীৱনী
[সম্পাদনা কৰক]চাৰুচন্দ্ৰ চক্ৰৱৰ্তীৰ পিতৃৰ নাম অম্বিকাচৰণ চক্ৰৱৰ্তী। চাৰুচন্দ্ৰ চক্ৰৱৰ্তী ১৯২০ চনত কলিকতা হেয়াৰ স্কুলৰ পৰা সপ্তম স্থান লাভ কৰি মেট্ৰিক পাছ কৰে। প্ৰেচিডেন্সি কলেজৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। চাৰুচন্দ্ৰ চক্ৰৱৰ্তী অসামৰিক সেৱাৰ পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰি দাৰ্জিলিঙৰ উপ জেইল অধীক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। ত্ৰিশ বছৰ ধৰি বিভিন্ন কাৰাগাৰত সুনাম আৰু সাফল্যৰে কাম কৰাৰ পিছত ১৯৬০ চনত আলিপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰে।
সাহিত্যিক অৱদান
[সম্পাদনা কৰক]১৯৫৩ চনৰ ১ মে’ত ‘লৌহাকপাট’ৰ প্ৰথম খণ্ড গ্ৰন্থ আকাৰত প্ৰকাশ পায়। ইয়াৰ পিছত এটা এটাকৈ মুঠ চাৰিটা খণ্ড প্ৰকাশ পাইছিল। তেওঁৰ ২১খন উপন্যাসৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য উপন্যাসসমূহ হ'ল -
- 'তামসী' (১৯৫৮)
- 'পাড়ি'
- 'মসীৰেখা'
- 'ন্যায়দণ্ড'( ১৯৬১)
- 'পৰশমণি'
- 'উত্তৰাধিকাৰ'
- 'ছায়া' (১৯৭২)
- 'নিশানা' (১৯৭৭)
- 'তৃতীয় নয়ন'(১৯৭৯)
- 'হীৰা চুনি পান্না' (১৯৮৩)
- 'আশ্ৰয়'
- একুশ বছৰ'
- 'আবৰণ'
- 'এ বাড়ি ও বাড়ি'
চাৰুচন্দ্ৰ চক্ৰৱৰ্তীৰ আত্মজীৱনীমূলক ৰচনা দুটা খণ্ডত 'নিঃসঙ্গ পথিক'। প্ৰথম খণ্ডটো ১৯৭১ চনত প্ৰকাশ পাইছিল। ইয়াৰ উপৰিও ছটা গল্প সংকলন আছে। তদুপৰি শিশুৰ বাবে ‘ৰংচাং’, ‘ৰবিবৰ’, ‘যমৰাজৰ বিপদ’ আদি গ্ৰন্থ। তেখেতে সাহিত্যিক সাফল্যৰ বাবে ‘শৰচন্দ্ৰ সোঁৱৰণী বঁটা’ আৰু ‘মতিলাল বঁটা’ লাভ কৰে। তেওঁৰ বহু ৰচনা কমেও বিদেশী ভাষালৈ অনুবাদ কৰা হৈছে। ১৯৬৩ খ্ৰীষ্টাব্দত তেওঁৰ উপন্যাস ‘তামসী’ক প্ৰখ্যাত বাঙালী চলচ্চিত্ৰ প্ৰযোজক তথা পৰিচালক বিমল ৰায় দ্বাৰা ‘বন্দীনী’ হিচাপে হিন্দী ভাষাত ছবি ৰূপায়ণ কৰা হয়।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ (বাংলা ভাষাত) Sāhityika barshapañji. Puśtaka Bipaṇi. 1982. https://www.google.co.in/books/edition/S%C4%81hityika_barshapa%C3%B1ji/8wE3AAAAIAAJ?hl=en&gbpv=1&bsq=%E0%A6%9A%E0%A6%BE%E0%A6%B0%E0%A7%81%E0%A6%9A%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A6%B0+%E0%A6%9A%E0%A6%95%E0%A7%8D%E0%A6%B0%E0%A6%AC%E0%A6%B0%E0%A7%8D%E0%A6%A4%E0%A7%80+%E0%A6%9C%E0%A6%B0%E0%A6%BE%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%A7&dq=%E0%A6%9A%E0%A6%BE%E0%A6%B0%E0%A7%81%E0%A6%9A%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A6%B0+%E0%A6%9A%E0%A6%95%E0%A7%8D%E0%A6%B0%E0%A6%AC%E0%A6%B0%E0%A7%8D%E0%A6%A4%E0%A7%80+%E0%A6%9C%E0%A6%B0%E0%A6%BE%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%A7&printsec=frontcover.
- ↑ SenGupta, Subodhchandra (August 2016). SenGupta, Subodhchandra; Basu, Anjali. eds (bn ভাষাত). Samsad Bengali Charitabhidhan (First সম্পাদনা). প্ৰকাশক Kolkata: Sahitya Samsad. পৃষ্ঠা. 216. ISBN 978-81-7955-135-6.