উদজান
উদজান বা হাইড্ৰ'জেন (ইংৰাজী: Hydrogen) এটা ৰাসায়নিক মৌল। আণৱিক ভৰ ১.০০৭৯৪ ডেল্টন হোৱাৰ বাবে পৰ্য্যাবৃত্ত তালিকাত ইয়াক সকলোতকৈ পাতল মৌল বুলি গণ্য কৰা হয়। হাইড্ৰ'জেনৰ ৰাসায়নিক চিহ্ন হ'ল H। ইয়াৰ আণৱিক সংকেত H2 আৰু পাৰমাণৱিক সংখ্যা ১। হাইড্ৰ'জেন বিশ্বত সকলোতকৈ বেছিকৈ পোৱা মৌলসমূহৰ ভিতৰত অন্যতম। হাইড্ৰ'জেনৰ সচৰাচৰ পোৱা আইছ'টপটো হৈছে 'প্ৰটিয়াম'। [1]
ইতিহাস
[সম্পাদনা কৰক]হাইড্ৰ'জেন গেছ পোণপ্ৰথমে হেনৰি কেভেণ্ডিছ নামৰ এজন ইংৰাজ বিজ্ঞানীয়ে ১৭৮১ চনত আৱিষ্কাৰ কৰিছিল। তেওঁ এই গেছ আৱিষ্কাৰ কৰাৰ সময়ত নাম ৰাখিছিল 'দাহ্য বায়ু'। পাছত ফৰাচী ৰসায়নবিদ এণ্টোয়ান লৰেণ্ট লেভয়ছিয়াৰে এই দাহ্য বায়ুক 'জল উৎপাদক' বুলি নামকৰণ কৰে। বায়ুৰ সংস্পৰ্শত জ্বলিলে পানী উৎপন্ন হোৱাৰ ধৰ্মটোৰ বাবে ইয়াক এই নামেৰে নামকৰণ কৰা হয়। পানীৰ ৰাসায়নিক সংকেত H2O। পানী দুটা H ৰ পৰমাণু আৰু এটা অক্সিজেনৰ পৰমাণু থাকে।[1]
বিশেষত্ব
[সম্পাদনা কৰক]H2 গেছ বৰ্ণহীন,গন্ধহীন আৰু স্বাদহীন। পানীৰ লগত ইয়াৰ দ্ৰৱণতাৰ মাত্ৰা কম। হাইড্ৰ'জেনৰ এটা অণুত দুটা পৰমাণু থাকে। এই গেছ দাহ্য,কিন্তু দহনত সহায় নকৰে। অক্সিজেন গেছ জ্বলালে হাইড্ৰ'জেন গেছৰ নীলা শিখা আৰু পানী উৎপন্ন হয়। সেই কাৰণে ইয়াক 'জল উৎপাদক' বুলি কোৱা হয়।[1]
অৱস্থিতি
[সম্পাদনা কৰক]হাইড্ৰ'জেন গেছ মুক্ত অৱস্থাত নিচেই কম পৰিমাণে পোৱা যায় যদিও যৌগ হিচাপে প্ৰচুৰ পৰিমাণে পোৱা যায়। হাইড্ৰ'জেনৰ মূল উৎস হ'ল পানী। অম্ল, ক্ষাৰ আৰু অন্যান্য বহুতো জৈৱ যৌগত হাইড্ৰ'জেন থাকে।
পৰীক্ষাগাৰত প্ৰস্তুতি
[সম্পাদনা কৰক]সাধাৰণতে, এচিড,খাৰ আৰু পানীৰ পৰা এই গেছ প্ৰস্তুত কৰা হয়। পৰীক্ষাগাৰত জিংক ছালফেট আৰু পনীয়া ছালফিউৰিক এচিডৰ লগত সাধাৰণ উষ্ণতাত বিক্ৰিয়া ঘটাই হাইড্ৰ'জেন গেছ প্ৰস্তুত কৰা হয়। অলপ পৰিমাণৰ H2 উৎপন্ন কৰিবৰ বাবে পৰীক্ষাগাৰত উলফ বটল ব্যৱহাৰ কৰা হয়। পানী অপসাৰণৰ দ্বাৰা ইয়াক সংগ্ৰহ কৰা হয়। প্ৰয়োজনমতে বা নিয়মিতভাৱে হাইড্ৰ'জেন পাবৰ বাবে 'কিপৰ যন্ত্ৰ' ব্যৱহাৰ কৰা দৰকাৰ। বিশুদ্ধ হাইড্ৰ'জেন গেছৰ পাবৰ বাবে 'u' আকৃতিৰ টিউবত বেৰিয়াৰ হাইড্ৰ'জেনৰ পালত আৰু গৰম জলীয় দ্ৰৱণ নিকেল তড়িৎ বিশ্লেষণ কৰিলে কেথডদ্বাৰত H2 গেছ উৎপন্ন হয়। পনীয়া ছালফিউৰিক এচিড বা পনীয়া হাইড্ৰ'ক্লৰিক এচিডৰ লগত লো,এলুমিনিয়াম,মেগনেছিয়াম আদি ধাতুৰ বিক্ৰিয়া ঘটালে H2 উৎপন্ন হয়। উত্তপ্ত আৰু গাঢ় কষ্টিক বা কষ্টিক পটাছৰ দ্ৰৱনৰ লগত জিংক,এলুমিনিয়াম ধাতুৰ বিক্ৰিয়া ঘটাইও H2 উৎপন্ন কৰিব পৰা যায়।[1]
ৰাসায়নিক ধৰ্ম
[সম্পাদনা কৰক]হাইড্ৰ'জেন এবিধ উৎকৃষ্ট বিজাৰক। পেলাডিয়াম প্লাটিয়াম,নিকেল,কোবাল্ট আদি ধাতুৱে উত্তপ্ত অৱস্থাত হাইড্ৰ'জেন গেছ শোষণ কৰিব পাৰে। ধাতুৱে এনেদৰে গেছ শোষণ কৰা প্ৰক্ৰিয়াক অন্তৰ্ধৃতি বুলি কোৱা হয়। এই প্ৰক্ৰিয়াৰে শোষিত হাইড্ৰ'জেনক 'অন্তৰ্ধৃত হাইড্ৰ'জেন' নামেৰে জনা যায়। কোনো যৌগৰ পৰা উৎপন্ন হোৱা মুহূৰ্ততে হাইড্ৰ'জেনক 'জাইমান হাইড্ৰ'জেন' নামেৰে জনা যায়। সাধাৰণ হাইড্ৰ'জেনতকৈ জায়মান হাইড্ৰ'জেন অধিক শক্তিশালী বিজাৰক পদাৰ্থ। সাধাৰণ উষ্ণাতাত হাইড্ৰ'জেন 'অৰ্থ' আৰু 'পেৰা' হাইড্ৰ'জেন হিচাপে ৩.১ অনুপাত সাম্যৱস্থাত মিশ্ৰণ হৈ থাকে। [1]
ব্যৱহাৰ
[সম্পাদনা কৰক]- হাইড্ৰ'জেন গেছ পাতল বাবে ইয়াক বেলুনত ব্যৱহাৰ কৰা হয়।
- অক্সিজেন আৰু হাইড্ৰ'জেন গেছ মিশ্ৰণ কৰি 'অক্সি-হাইড্ৰ'জেন' শিখা উৎপন্ন কৰা হয়। এই শিখাৰ উষ্ণতা ২৫০০° C পৰ্য্যন্ত হয়। জ্বালাই কামত এই শিখা ব্যৱহাৰ কৰা হয়।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]লগতে চাওক
[সম্পাদনা কৰক]- Chart of the Nuclides (17th সম্পাদনা). Knolls Atomic Power Laboratory. 2010. ISBN 978-0-9843653-0-2. http://www.nuclidechart.com/.
- Ferreira-Aparicio, P; M. J. Benito, J. L. Sanz (2005). "New Trends in Reforming Technologies: from Hydrogen Industrial Plants to Multifuel Microreformers". Catalysis Reviews খণ্ড 47 (4): 491–588. doi:10.1080/01614940500364958.
- Newton, David E. (1994). The Chemical Elements. প্ৰকাশক New York: Franklin Watts. ISBN 0-531-12501-7.
- Rigden, John S. (2002). Hydrogen: The Essential Element. প্ৰকাশক Cambridge, Massachusetts: Harvard University Press. ISBN 0-531-12501-7.
- Romm, Joseph, J. (2004). The Hype about Hydrogen, Fact and Fiction in the Race to Save the Climate. Island Press. ISBN 1-55963-703-X. Author interview Archived 2010-01-04 at the Wayback Machine at Global Public Media.
- Scerri, Eric (2007). The Periodic System, Its Story and Its Significance,. প্ৰকাশক New York: Oxford University Press. ISBN 0-19-530573-6.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Basic Hydrogen Calculations of Quantum Mechanics Archived 2006-06-12 at the Wayback Machine
- Hydrogen at The Periodic Table of Videos (University of Nottingham)
- High temperature hydrogen phase diagram Archived 2016-03-04 at the Wayback Machine
- Wavefunction of hydrogen
- Low Energy Linear Accelerator - Monatomic Hydrogen diagram Archived 2013-11-12 at the Wayback Machine