সমললৈ যাওক

অপু ভৰদ্বাজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অপু ভৰদ্বাজ
জন্ম ৭ জানুৱাৰী, ১৯৮০ (৪৪ বছৰ)
যোৰহাট
পেচা সম্পাদক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা স্নাতক (অসমীয়া)
মাতৃশিক্ষায়তন যোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যায়
বিষয় গল্পকাৰ, সম্পাদক
উল্লেখনীয় কৰ্মৰাজি মস্তিষ্কৰ চিনেমা (গল্পৰ সংকলন)
উল্লেখযোগ্য বঁটা মুনীন বৰকটকী বঁটা (২০১৩)
চন্দ্ৰপ্ৰসাদ শইকীয়া সোৱৰণী বঁটা
অসম চৰকাৰৰ মিডিয়া ফেল'শ্বিপ

অপু ভৰদ্বাজ (ইংৰাজী: Apu Bharadwaj) এগৰাকী অসমীয়া লিখক। মূলতঃ গল্পকাৰ হিচাপে পৰিচিত অপু ভৰদ্বাজ ২০০৫ বৰ্ষৰ পৰা বাতৰি আৰু আলোচনী সম্পাদনাৰ সৈতে জড়িত। 'মস্তিষ্কৰ চিনেমা' 'আজি গল্প ক'ম' আদি তেওঁৰ মৌলিক গল্পৰ সংকলন। ইংৰাজীৰ উপৰি ছয়টোৰো অধিক ভাৰতীয় ভাষালৈ তেখেতৰ গল্প অনুবাদ হৈছে। তেখেতৰ দুটা গল্প ইতিমধ্যে নাট্যৰূপত মঞ্চস্থ হৈছে। গল্পৰ উপৰি সাহিত্যৰ অন্যান্য দিশটো তেখেতে লিখা-মেলা কৰি আহিছে। কবিতা আৰু গীত ৰচনাৰ সাহিত্যৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰা অপু ভৰদ্বাজে 'চন্দ্ৰপ্ৰসাদ শইকীয়া সোৱৰণী' এটা পুৰস্কাৰ লাভ কৰে ২০০৫ বৰ্ষত। ২০১৩ চনত তেখেতে 'মস্তিষ্কৰ চিনেমা' শীৰ্ষক গল্প সংকলনৰ বাবে 'মুনীন বৰকটকী সাহিত্য' বঁটা লাভ কৰে। অধুনালুপ্ত 'জনসাধাৰণ' নামৰ দৈনিক কাকতখনত সহ-সম্পাদক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা অপু ভৰদ্বাজ বৰ্তমান সাতসৰী আলোচনীৰ সম্পাদনাৰ সৈতে জড়িত।[1] কেইবছৰ মান তেখেত 'স ৰে গা মা' নামৰ সাহিত্য-সংস্কৃতি বিষয়ক আলোচনীৰ সম্পাদনাৰ সৈতেও জড়িত আছিল।

জন্ম আৰু শিক্ষা

[সম্পাদনা কৰক]

অসমৰ যোৰহাট[1] নগৰত ১৯৮০ চনৰ ৭ জানুৱাৰীত[1] জন্ম গ্ৰহণ কৰা অপু ভৰদ্বাজে নাগালেণ্ডৰ তুলি, মংচেমটি, পিতৃ গৃহ কাজিৰঙা, যোৰহাটত বাল্যকাল অতিবাহিত কৰে। পিছে বিদ্যালয়ত নামভৰ্তি কৰাৰ পৰা বোকাখতেই তেখেতৰ স্থায়ী ঠিকনা হৈ পৰে। পিতৃ প্ৰয়াত পুলিন শৰ্মা আৰু মাতৃ অঞ্জনা শৰ্মা। বোকাখাতৰ নামদৈয়াং নিম্ন বুনিয়াদী বিদ্যালয়ত প্ৰাথমিক শিক্ষা আৰম্ভ কৰা ভৰদ্বাজে বোকাখাতৰ যোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যায়লৰ পৰা অসমীয়া বিষয়ত অনাৰ্ছ সহ স্নাতক উত্তীৰ্ণ হয়।

সাহিত্যৰাজী

[সম্পাদনা কৰক]
  • মস্তিষ্কৰ চিনেমা, ২০১১, আঁক-বাক (গল্প সংকলন)
  • আজি গল্প ক'ম, ২০২১, আঁক-বাক (গল্প সংকলন)
  • সেই দিন সেই কথা, ২০১৭, আলিবাট (স্মৃতিলেখা)
  • লেকলৌ পদ্য, ২০২১, অসম পাব্লিছিং কোম্পানী (শিশু পদ্য)
  • জিলিকা টিলিকা জয় জয় ২০২৩, বনলতা, ডিব্ৰুগড় (শিশু উপন্যাস)

বঁটা-সন্মান

[সম্পাদনা কৰক]
  • ২০০৫ বৰ্ষত 'চন্দ্ৰপ্ৰসাদ শইকীয়া সোৱৰণী' পুৰস্কাৰ
  • ২০১৩ বৰ্ষত মুনীন বৰকটকী বঁটা
  • ২০২৩ বৰ্ষত অসম চৰকাৰৰ মিডিয়া ফেল'শ্বিপ

তথ্যসূত্ৰ

[সম্পাদনা কৰক]