ব্ৰজেন্দ্ৰনাথ শীল
অৱয়ব
ব্ৰজেন্দ্ৰনাথ শীল | |
---|---|
জন্ম | ৩ ছেপ্টেম্বৰ ১৮৬৪ কলকাতা |
মৃত্যু | ৩ ডিচেম্বৰ ১৯৩৮ |
ভাষা | বাংলা |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
ব্ৰজেন্দ্ৰনাথ শীল (ইংৰাজী: Brajendra Nath Seal) এগৰাকী ভাৰতীয় বঙালী দাৰ্শনিক আছিল।[1][2]
জন্ম আৰু বংশ পৰিচয়
[সম্পাদনা কৰক]তেখেতৰ জন্ম হৈছিল ১৮৬৪ চনৰ ৩ ছেপ্টেম্বৰ তাৰিখে। তেখেতৰ পিতৃ মহেন্দ্ৰনাথ শীল।[3]
শিক্ষা
[সম্পাদনা কৰক]তেখেতে ১৮৬১ চনত বি এ আৰু ১৮৮৪ চনত এম এ পৰীক্ষাত উত্তীৰ্ণ হয়।[3]
চাকৰি জীৱন
[সম্পাদনা কৰক]তেখেতে ১৮৮৫ চনত নাগপুৰৰ মৰিচ কলেজত অধ্যাপক ৰূপে কৰ্মজীৱন আৰম্ভ কৰে। ১৮৯৪ চনৰ পৰা ১৯২২ চনলৈ কোচ বিহাৰ ভিক্টৰিয়া কলেজৰ অধ্যক্ষ হয়। ১৯২১ চনত মহীশূৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰে৷[3]
সাহিত্যৰাজি
[সম্পাদনা কৰক]তেখেতৰ The positive science of the Ancient Hindus নামৰ কিতাপ ১৯১৫ চনত প্ৰকাশিত হয়।
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]তেখেতে ১৯২৬ চনত ছাৰ উপাধিৰে বিভূষিত হয়। তেওঁ ৰাজতন্ত্ৰ উপাধিৰে সন্মানিত হয়।
মৃত্যু
[সম্পাদনা কৰক]তেখেতৰ মৃত্য হয় ১৯৩৮ চনৰ ৩ ডিচেম্বৰত।[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Seal, Brajendra Nath - Banglapedia". en.banglapedia.org. http://en.banglapedia.org/index.php?title=Seal,_Brajendra_Nath। আহৰণ কৰা হৈছে: 2020-09-17.
- ↑ "Brajendra Nath Seal (1864-1938)". people.stfx.ca. https://people.stfx.ca/wsweet/seal.html। আহৰণ কৰা হৈছে: 2020-09-17.
- ↑ 3.0 3.1 3.2 3.3 দেৱজিত শৰ্মা. মহৎ লোকৰ জীৱনী, তৃতীয় প্ৰকাশ. পৃষ্ঠা. ২৪.