সমললৈ যাওক

নৱগ্ৰহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নৱগ্ৰহ, ৰাজা ৰবি বৰ্মাই অংকন কৰা এখন চিত্ৰত নৱগ্ৰহ (কেন্দ্ৰ অংশত সূৰ্য)

নৱগ্ৰহ হৈছে আকাশ মাৰ্গৰ নটা অৱয়ব (অথৱা স্বৰ্গীয় দেৱতা)। হিন্দু ধৰ্মৰ হিন্দু জ্যোতিৰ্বিদ্যা অনুসৰি এই নটা অৱয়বে পৃথিৱীত মানৱ জীৱনৰ ওপৰত গুৰুত্বৰ প্ৰভাৱ বিস্তাৰ কৰে।[1] এই অভিধাটো "নৱ" অৰ্থাৎ "ন"(৯,সংস্কৃত: नव) আৰু "গ্ৰহ" (সংস্কৃত: ग्रह অৰ্থাৎ সৌৰজগতৰ নিজা তাপ আৰু পোহৰ নথকা পদাৰ্থপিণ্ড বা গ্ৰহ। ভাৰতীয় জ্যোতিৰ্বিদ্যাত ভূদেৱী (পৃথিৱী), ইউৰেনাচ আৰু নেপচুনক নটা গ্ৰহৰ এটা তালিকাত অন্তৰ্ভুক্ত কৰা নহয়।[2] ভাৰতীয় সংস্কৃতিৰ সপ্তাহৰ সাত দিনৰ নাম সমূহো এই নৱগ্ৰহৰ নামেৰে সংযুক্ত। ঠাইভেদে ভাৰতত এই সাত বাৰৰ নামৰ কিছু পাৰ্থক্য আছে।

মহাজাগতিক পদাৰ্থ পিণ্ড

[সম্পাদনা কৰক]
নৱগ্ৰহ:[1]
নং চিত্ৰ নাম (বৈদিক) পশ্চিমীয়া সমন্বয় দিন
১. সূৰ্য (দেৱতা), ৰবি সূৰ্য দেওবাৰ, ৰবিবাৰ
২. চন্দ্ৰ (দেৱতা), সোম জোন সোমবাৰ,
৩. বুধ (দেৱতা), সৌম্য বুধ গ্ৰহ বুধবাৰ,
৪. শুক্ৰ (দেৱতা), শুক্ৰাচাৰ্য্য শুক্ৰ গ্ৰহ শুক্ৰবাৰ,
৫. মংগল (দেৱতা), অংগৰক মঙ্গল গ্ৰহ মংগল বাৰ,
৬. বৃহস্পতি (দেৱতা), গুৰু বৃহস্পতি গ্ৰহ বৃহস্পতি বাৰ, গুৰুবাৰ
৭. শনি (দেৱতা), শনি গ্ৰহ শনিবাৰ,
৮. ৰাহু চন্দ্ৰ আৰু পৃথিৱীৰ কক্ষৰ উত্তৰ চেদ বিন্দু
৯. কেতু চন্দ্ৰ আৰু পৃথিৱীৰ কক্ষৰ দক্ষিণ চেদ বিন্দু

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1.0 1.1 Roshen Dalal (2010). Hinduism: An Alphabetical Guide. Penguin Books. পৃষ্ঠা. 280. ISBN 978-0-14-341421-6. https://books.google.com/books?id=DH0vmD8ghdMC. 
  2. Sanskrit-English Dictionary by Monier-Williams, 1899