ডিমাছা জনগোষ্ঠী
বাইডিমা নৃত্যৰত এগৰাকী ডিমাছা যুৱতী | |||||||||||||||
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ | |||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
| |||||||||||||||
ভাষাসমূহ | |||||||||||||||
ডিমাছা ভাষা[1] | |||||||||||||||
ধৰ্ম | |||||||||||||||
ডিমাছা জনগোষ্ঠী (ইংৰাজী: Dimasa Tribe) হৈছে অসমৰ অন্যতম প্ৰাচীন চীনা তিব্বতীয় জনগোষ্ঠী।[3] তেওঁলোকে ডিমা হাছাও জিলাত বাস কৰে। ডিমা হাছাওৰ উপৰিও কাছাৰ জিলা, কাৰ্বি আংলঙৰ সমতল অঞ্চল, নগাঁও, নাগালেণ্ডৰ ডিমাপুৰ আৰু ধনশিৰি অঞ্চলত বাস কৰি আছে। অতীতত ডিমাছাসকলে ডিমাপুৰত ৰাজধানী পাতি বাস কৰিছিল। ডিমাছা শব্দৰ অৰ্থ হ'ল: ডি =পানী, মা=বৃহৎ, ছা= সন্তান, অৰ্থাৎ বৰনৈৰ সন্তান। ডিমাছাসকলে গাঁও পাতি বাস কৰে। কৃষিজীৱী হোৱা বাবে সাধাৰণতে তেওঁলোকে নৈ বা নিজৰাৰ পাৰৰ সাৰুৱা মাটিত বাস কৰে। গাঁৱৰ মুখিয়াল জনক খুনং বুলি কোৱা হয়। তেওঁক সকলো সময়তে সহায় কৰিবলৈ "দিলেক" বুলি অন্য এজন লোকো থাকে। ডিমাছাসকল ইণ্ডো-মংগোলীয় গোষ্ঠীৰ তিব্বত বৰ্মী ভাষা পৰিয়ালৰ অন্তৰ্ভুক্ত। ডিমাছাসকলৰ মৌখিক ভাষাই এতিয়া লিখিত ৰূপ পাইছে। ডিমাছসকলে ডিমাপুৰত ১০৮৬চন মানত ৰাজ্য স্থাপন কৰা বুলি জনা যায়। ১৫৩৬চনত ডিমাপুৰ এৰি মাইবাঙত নতুন ৰাজ্য পাতে। ১৭৪৫চনত ডিমাছা ৰাজ্যৰ ৰাজধানী খাছপুৰলৈ স্থানন্তৰিত হয়। বৃটিছসকলে অসম অধিকাৰ কৰা পিছত এই ৰাজ্যও ইংৰাজ অধীন হৈছিল।
নামসমূহ
[সম্পাদনা কৰক]ডিমাছা ভাষাত 'ডিমা' মানে ডাঙৰ নদী, 'ছা' মানে সন্তান অৰ্থাৎ ডাঙৰ নৈৰ পাৰত বসবাস কৰা জাতি। তেওঁলোকৰ মূল বাসভূমি 'ডিমাপুৰ' শব্দই দাঙৰ নদীৰ পাৰত স্থিত নগৰক বুজায়। ধনশিৰী নদীৰ পাৰত অৱষ্ঠিত ডিমাপুৰৰ পূৰ্বৰ নাম হিড়িম্বাপুৰ। জনশ্ৰুতিমতে মহাভাৰতৰ যুগত ডিমাপুৰত ভীমৰ ঔৰসত আৰু হিড়িম্বাৰ গৰ্ভত বীৰ ঘটোৎকচৰ জন্ম হয়। ডিমাছাসকলে নিজকে ঘটোৎকচৰ বংশধৰ বুলি পৰিচয় দিয়ে। আহোম ভাষাত কছাৰীসকলক তি-মি-ছা (𑜄𑜢 𑜉𑜢 𑜏𑜡) বুলি কোৱা হয়।[4]
বুৰঞ্জী
[সম্পাদনা কৰক]১০৮৬ খৃষ্টাব্দত তেওঁলোকে ডিমাপুৰত ৰাজধানী পাতে, ১৫৩৬ খৃষ্টাব্দত ডিমাপুৰ এৰি মাইবাঙত ৰাজধানী পাতি ১৭৪৫ খৃষ্টাব্দলৈ শাসন চলায়। ১৭৪৫ খৃষ্টাব্দত ডিমাছাসকলে খাচপুৰত ৰাজধানী পাতে। উনবিংশ শতিকাৰ দ্বিতীয় দশকৰ সময়ছোৱাত ডিমাছা ৰাজ্য ভাগি যায়। বৰ্তমান ডিমাছাসকল অসমৰ বৰাক উপত্যকা, নগাওঁ জিলা, কাৰ্বি আংলং, উত্তৰ কাছাৰ আদি ঠাইত বসবাস কৰি আছে।
সমাজ-সংস্কৃতি
[সম্পাদনা কৰক]ডিমাছাসকল সহজ-সৰল কৃষিজীৱি লোক। এওঁলোকে নিজস্ব দেৱতা পূজা পাতল কৰে আৰু পূৰ্ব-পুৰুষসকলক পূজা কৰে। ডিমাছাসকলৰ মাজত হিন্দু ধৰ্মাৱলম্বী লোক বহুত আছে। ডিমাছাসকলৰ নিজা ভাষা আছে। বিশিষ্ট সংস্কৃতিও আছে। উৎসৱ পাৰ্বণ আছে, প্ৰধান উৎসব হ'ল-ৰাজিনী গাব্ৰা আৰু হানি গাব্ৰা। বিশেষ ধৰণৰ সাজপাৰ আছে(মহিলাসকলে ৰিগু ৰিজাম্ফাই নামৰ এসাঁজ পিন্ধে। )তেওঁলোকৰ সমাজত কেইবাটাও গোত্ৰ বা ঠাল আছে আৰু একেই গোত্ৰৰ মাজত বিবাহ হোৱা নিষেধ। পৰম্পৰা অনুযায়ী পুতেকে বাপেকৰ সম্পত্তি পায় আৰু জীয়েকে বাপেকৰ সম্পত্তি পায়।
খেল বা গোত্ৰ
[সম্পাদনা কৰক]ডিমাছাসকলৰ মাজত মাতৃপ্ৰধান আৰু পিতৃপ্ৰধান দুয়োটা সমাজ ব্যৱস্থা প্ৰচলন আছে। তেওঁলোকৰ পুৰুষসকলৰ মাজত চল্লিশটা গোত্ৰ আছে আৰু মহিলসকলৰ মাজত বিৰাল্লিশটা গোত্ৰ আছে। ডিমাছাসকলে একে গোত্ৰৰ মাজত হোৱা বিবাহ স্বীকাৰ নকৰে। ডিমাছা সমাজত ল'ৰাই পিতৃৰ সম্পত্তি পায় আৰু ছোৱালীয়ে মাতৃৰ সম্পত্তি পায়।
উৎসৱ-অনুষ্ঠান
[সম্পাদনা কৰক]ডিমাছাসকলে পালন কৰা জন্ম, মৃত্যু, বিবাহ ইত্যাদিৰ মাজেৰে তেওঁলোকৰ সাংস্কৃতিক জীৱন প্ৰতিভাত হৈছে।
জন্ম সম্পৰ্কীয়
ডিমাছাসকলে 'হোজাইজিক' অৰ্থাৎ ধাইৰ হতুৱাই সন্তান জন্ম দিয়াই। ধাইৰ কামৰ সহায় কৰিবলৈ অন্য এগৰাকী মহিলা থাকে যাক 'বাৰু আজিক' বুলি কোৱা হয়। সন্তান জন্ম হোৱাৰ পিছত কেঁচুৱাৰ ওচৰ সম্বন্ধীয় এগৰাকী মহিলাই মাতৃদুগ্ধ পান কৰাত সহায় কৰে আৰু এইগৰাকীক 'আনুমাজিক' বোলা হয়। কেঁচুৱাক বাহিৰলৈ নোলোৱা দিনলৈকে ধাইগৰাকী কেঁচুৱাৰ ঘৰতে থকাটো নিয়ম।
সন্তান জন্মৰ পিছত বাহঁৰ চেচুৰে নাভি কটা হয়। প্ৰসুতিক সুকীয়া কোঠাত ৰাখি অপদেৱতা ৰোধৰ বাবে দুৱাৰ খিৰিকিত 'ৰঙা বেত'ৰ টুকুৰা আঁৰি দিয়ে।
সন্তান জন্মৰ দ্বিতীয় দিনা নদীলৈ গৈ গংগাদেৱীক স্মৰণ কৰি এটি কণী কাটে আৰু চাকি জ্বলাই নদীত উটাই দিয়ে। তৃতীয় দিনা এহাল কুকুৰা কাটি তাৰ তেজ তেওঁলোকৰ প্ৰধান দেৱতা 'শিব্ৰাই'লৈ আগবঢ়ায়। কুকুৰা মাংসৰ লগত চাউলৰ মদ 'জু-দি-মা' পৰিৱেশন কৰে। এই অনুষ্ঠানত পুৰুষৰ প্ৰৱেশ নিশেধ।
কেচুৱাৰ নাই সৰিলে ছোৱালী হ'লে সাতদিনত আৰু ল'ৰা হ'লে নদিনত চুলি খোৰাই চোৱা পেলায়। কেচুৱাৰ এমাহ হ'লে বাহিৰলৈ উলিয়াই মংগল কামনা কৰি পিতৃক স্পৰ্শ কৰাই আৰু সধৱা নাৰীসকলে সূৰ্য দেৱতাক প্ৰণাম কৰে। সেইদিনা গাৱঁৰ মানুহক ভোজ-ভাত খোৱাই ধাই গৰাকীক সন্মানেৰে ঘৰত থই আহে।
বিবাহ সম্পৰ্কীয়
শুক্লপক্ষৰ বুধবাৰ ন'হলে শুক্ৰবাৰে দৰাঘৰে ছোৱালী চাবলৈ যোৱাৰ নিয়ম। ছোৱালী পচন্দ হ'লে দৰাঘৰে কইনাঘৰক বিবাহৰ প্ৰস্তাৱ দিয়ে। কইনাঘৰ সন্মত হ'লে দৰাঘৰে সাতখিলা কলপাতত এক কিলোগ্ৰাম নিমখ, পোন্ধৰযোৰ তামোল-পান টমালেৰে সাতপাক দি কইনাঘৰলৈ প্ৰেৰণ কৰি 'ছান্দিদাংছেংবা' অনুষ্ঠান পালন কৰে।
ইয়াৰ পাছত 'লাউঠাই' প্ৰথা পালন কৰে। মদৰ লাও আৰু পাচলি লৈ দৰাৰ সম্বন্ধীয় দুজন ভায়েকে কইনাৰ ঘৰলৈ যাত্ৰা কৰে। কইনা ঘৰত দৰাঘৰৰ লোকসকলক আদৰ কৰি বহিবলৈ দিয়া হয়। বিয়াৰ দিন বাৰ ঠিক কৰাৰ পিছত সাধ্য অনুযায়ী মাননী(কাল্টি) দিয়া হয়।
বিয়াৰ দিনা কইনা গা ধোৱাবলৈ পূবমুৱাকৈ বেই সাজি দিয়া হয়। দৰা-কইনা উভয়কে গা ধুৱাবলৈ নদী, পুখুৰী বা কুঁৱাৰ পৰা লোটাৰে পানী অনা হয়।
দৰাই ধুতি, বগা কুৰ্তা পিন্ধি ডিঙিত বগা বা হালধীয়া গামোচা লয়। কাপোৰ পিন্ধাৰ আগেয়ে মাছৰ লগত পাঁচবিধ আঞ্জাৰে দৰাক ভাত খোৱাৰ পিছত ছোৱালী আনিবলৈ যোৱাৰ নিয়ম। বাটত দৰা আগুচা নিয়ম ডিমাছাসকলৰ মাজত আছে। বিয়াৰ দিনা ব্ৰাইশিবাৰায়ৰ(শিৱ-পাৱৰ্তীৰ) নাম লৈ প্ৰসাদ আগবঢ়াই পুৰোহিতে পূজা-পাতল কৰে।
দৰা-কইনাই জেষ্ঠজনৰ ওচৰত আঁঠু লৈ আৰ্শীবাদ লোৱাৰ পিছত সাতপাক ঘূৰি সেৱা জনায়। শ্ৰিবাই দেৱতাক সাক্ষী কৰি দৰাৰ দেউতাকে কইনাক বোৱাৰী হিচাপে গ্ৰহণ কৰে। বিয়াৰ তিনি,পাঁচ বা সাতদিনৰ দিনাহে দৰা নিজ গৃহলৈ কইনাক লৈ ওভতি যায়। দৰাঘৰলৈ যোৱাৰ পিছত কইনা পুনৰাই ঘৰলৈ ওভতি আহে। কইনা যেতিয়া পুনৰাই দৰাৰ ঘৰলৈ যায় তেতিয়া 'মাইয়াওৱা' অনুস্থান পাতি কইনাক দৰাৰ কুললৈ আদৰা হয়।
মৃত্যু সম্পৰ্কীয়
মৃতকক ঘিলাগুটি, হালধী আৰু মাহ পিহি গা ধুৱাই দিয়ে পৰম্পৰাগত পোচাক পিন্ধায়। মৃতকক শ্মশানলৈ নিয়াৰ আগেয়ে ভাতৰ লগত লাওপানী সজাই দিয়ে। মৃতদেহ শ্মশানলৈ নিয়াৰ পিছত এগৰাকী মহিলাই এৱাঁ সূতা টুকুৰা-টুকুৰ কৰি ছটিয়াই যায় আৰু এগৰাকীয়ে খুচুৰা পইচা ছটিয়াই যায়। সাধাৰণতে মৃতকৰ পুত্ৰই মুখাগ্নি কৰে। অস্থি সংগ্ৰহ কৰি তীৰ্থত বিসৰ্জন দিয়া হয়।
মৃত্যুৰ সাতদিনৰ দিনা দাহ কৰোঁতাসকলক লাওপানী আৰু নিৰামিষ ভোজন কৰোৱাই। শ্ৰাদ্ধৰ দিন সুবিধানু্যায়ী ঠিক কৰি লৈ কুকুৰা, গাহৰি আদি কাটি নিয়ম কৰি আত্মীয়-কুটুম্বক ভোজ-ভাত খোৱায়।
বিহু বা বুছু উৎসৱ
ডিমাছাসকলৰ বিহু তিনিবিধ- বুচু জিদাব, বুচু চুৰেম আৰু বুছু হাংছেউ।
বুছু জিদাব এদিনীয়াকৈ বা তিনিদিনীয়াকৈ পাতে। বুছু চুৰেম তিনিদিন বা পাঁচদিনলৈকে পালন কৰে। বুছু হাংছেউ ডাঙৰকৈ পালন কৰে। ডিমাছাসলকে পৰম্পৰাগত পোচাক, অলংকাৰ পৰিধাণ কৰে। খেল ধেমালী পাতি ভোজ ভাত খায়। এই দিন সাতদিন ধৰি চলে। ডাঙৰক আৰু ৰাইজক সেৱা কৰি আৰ্শীবাদ লয়।
ধৰ্মবিশ্বাস
[সম্পাদনা কৰক]ডিমাছাসকলৰ বাৰটা ভাগৰ প্ৰত্যকৰে একোজনকৈ জণ্ঠাই বা পুৰুহিত থাকে। এই বাৰটা ভাগৰ ওপৰত 'গিছিয়া' বুলি মূল পুৰোহিত এজন থাকে।
ডিমাছাসকলে ইশ্বৰক 'মাদাই' বোলে। প্ৰৰ্থনাক মাদাইবিৰা আৰু মাদাইহুৱা বোলে। গোঁসাই ঘৰক 'মাদাইখো' বোলে।
ডিমাছাসকলে পূজাত ছাগলী, হাঁহ, কুকুৰা, পাৰ আদি বলি দিয়াৰ নিয়ম। শিৱক তেওঁলোকে প্ৰধান দেৱতা হিচাপে গণ্য কৰে।
ভূত-ভৱিষ্য গণনা কৰাসকলক 'প্ৰাথ্ৰি' বোলা হয়। প্ৰাথিসকলক ডিমাচা ধৰ্ম আলোচনাত বিশেষ স্থান আছে।
সাজপাৰ
[সম্পাদনা কৰক]চাউখা
ডিমাচা মহিলাই মুৰত পাগুৰি মাৰিবৰ বাবে ব্যৱহাৰ কৰা বস্ত্ৰক চাউখা বুলি কোৱা হয়। ইয়াক গামোচা বুলিও অভিহিত কৰিব পাৰি। চাউখা যিকোনো ৰঙৰ হ'ব পাৰে। কিন্তু পাৰি থকা কপাহী কাপোৰহে তেওঁলোকে ব্যৱহাৰ কৰে। ই বহলে ডেৰ/ দুই হাত আৰু দীঘলে তিনি হাতমান জোখৰ হোৱা দেখা যায়।[5]
ৰীছা
ডিমাচা নাৰী-পুৰুষ উভয়ে পৰিধান কৰা এবিধ বস্ত্ৰ হৈছে ৰীছা। যাক একপ্ৰকাৰৰ গামোচা বুলিও ক'ব পৰা যায়। ৰীছা প্ৰায় ৩/৪ হাত দীঘল আৰু দুই হাত জোখৰ বহল হোৱা দেখা যায়। পিন্ধাৰ বাবে ব্যৱহাৰ কৰা ৰীছা সাধাৰণতে সেউজীয়া, ক'লা বা অন্য ৰঙৰ হয়। আনহাতে বিবাহ আদি গুৰু কাৰ্যত পৰিধান কৰিবৰ বাবে অন্য ৰঙৰ লগতে বগা ৰঙো ব্যৱহাৰ কৰা দেখা যায়। [6]
ৰিমচাউ
ৰিমচাউ ডিমাচা মহিলাই পৰিধান কৰা এক প্ৰকাৰৰ চাদৰ। ৰিমচাউ যিকোনো সূতাৰ পৰা প্ৰস্তুত কৰি লোৱা হয়। এইবিধ অসমীয়া সমাজৰ তিৰোতাই পৰিধান কৰা চাদৰৰ দৰে একেই। কিন্তু তেওঁলোকে নিজা শালত প্ৰস্তুত কৰা এনে বস্ত্ৰৰ ফুলৰ চানেকি খুবেই আকৰ্ষণীয়। ৰিমচাউ মানুহ মৰিলে ব্যৱহাৰ কৰে। পুৰুষসকলে গামোচাৰ দৰে আৰু মহিলাসকলে চাদৰৰ দৰে পৰিধান কৰে। ৰিমচাউ বগা আৰু পাতল হালধীয়া ৰঙৰ হয়।[6]
জুপাই/খাউচা
জুপাই হ'ল ডিমাচা গাভৰুৱে নৃত্য কৰিবৰ সময়ত ব্যৱহাৰ কৰা এক প্ৰকাৰৰ চাদৰ বা ইয়াক অঞ্চলসাপেক্ষে ৰিখাউছা বুলিও জনা যায়। বিশেষকৈ পাহাৰীয়া সকলে ৰিখাউচা বুলি কয়। ৰিখাউছা সাধাৰণতে বগা ৰঙৰ হয়। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ৭/৮ হাত আৰু বহলে ডেৰফুট জোখৰ হয়। বস্ত্ৰখনৰ দুই কাষত বহু ৰঙৰ পাৰি দিয়া হয় আৰু দুই মূৰত নক্সাৰ ফুল তুলি লয়। এই বস্ত্ৰখন বিহু নাচ নাচিবৰ সময়ত কান্ধৰ পৰা পিঠি আৰু বুকুফালে ওলোমাই লয় আৰু কঁকালৰ ওচৰত গাঁঠি দি এহাতমান দীঘলকৈ কঁকালৰ তললৈ ওলোমাই ৰাখে। কিন্তু দৈনন্দিন জীৱনত ইয়াক উৰুণা চাদৰ হিচাপে ব্যৱহাৰ কৰে।[6]
ৰিগু/ৰিখু
ৰিগু/ৰিখু হ'ল ডিমাচা নাৰীয়ে পৰিধান কৰা মেখেলা। ৰিগু সাধাৰণতে তেওঁলোকে বুকুত মেঠনি মাৰি পিন্ধে। ৰিগুৰ দীঘলে ৪ সাত আৰু বহলে ৫/৬ সাত জোখৰ হয়। ৰিগু প্ৰায়ে বগা আৰু ক'লা ৰঙৰ পৰিধান কৰা দেখা যায়। ৰিগুখনৰ ওপৰৰফালে এক আঙুলকৈ পতিৰ দৰে ফুল বা দবুৱা বাছি লয়। ৰিণ্ডৰ তলৰফালে প্ৰায় পাঁচ আঙুল জোখৰ বিভিন্ন ৰং বোলাই নানান বিধ ফুলৰ নক্সা কৰি লোৱা দেখা যায়। বগা ৰিগু তেওঁলোকে বিভিন্ন নৃত্য কৰিবৰ সময়ত ব্যৱহাৰ কৰে। এনে মেখেলাৰ মাজৰ অংশ প্ৰায় উকা কৰি কেতিয়াবাহে তলৰ পৰা ওপৰলৈ এক হাত মান দীঘলকৈ নানা ৰঙৰ সৰু সৰু বুটা বাছি লোৱা দেখা যায়। কিন্তু দৈনন্দিন জীৱনত আৰু ফুৰিবলৈ যাওঁতে ব্যৱহাৰ কৰা ৰিগু প্ৰস্তুত কৰোঁতে মাজৰ অংশতো ভিন্ন আৰ্হিৰ ফুল তুলি লোৱা দেখা যায়। এনে ৰিগুৰ ৰং সাধাৰণতে ক'লা হয়।[6]
ৰিজাম্পাই
ৰিজাম্পাই হ'ল ডিমাচা নাৰীয়ে বুকুত গাঁঠি দি পিন্ধা এক প্ৰকাৰৰ বস্ত্ৰ। এই বস্ত্ৰখন দীঘলে দুই-তিনি হাত আৰু বহলে প্ৰায় আঢ়ৈ ফুট জোখৰ হয়। এইবিধ বস্ত্ৰ ডিমাচাসকলে বিভিন্ন ৰঙৰ সূতাৰে প্ৰস্তুত কৰি লয়। ৰিজাম্পাই সাধাৰণতে দুই প্ৰকাৰৰ। এবিধ ৰিজাম্পাই বাটি কাঢ়োতেই দীঘে দীঘে নানা ৰংবোৰ গৰিয়লী কৰি মিলাই দিয়া হয়। এইখন বস্ত্ৰৰ দুই মূৰত বিভিন্ন নক্সাৰ ফুলৰ চানেকি ৰং মিহলাই তুলি লয়। এইবিধ বস্ত্ৰই কঁকালৰ পৰা কলাফুলৰ তললৈকে আগুৰি থাকে। আনবিধ ৰিজাম্পাই গাৰ ৰং বগা আৰু দুই মূৰত ফুল বাছি দিয়ে। এইবিধ বস্ত্ৰ বয়সস্থ মহিলাই পিন্ধে।[6]
অলংকাৰ
[সম্পাদনা কৰক]ডিমাছা নাৰীয়ে খাডুডিমা, কাণফুলি, চন্দ্ৰাৱলী, পোৱাল, ৰাংবাৰচা, খামাউঠাই, চামথক আদি পৰম্পৰাগত অলংকাৰ পৰিধান কৰে।
কাডুডিমা
কাডুডিমা হৈছে ডিমাচা নাৰীয়ে হাতত পিন্ধা এক প্ৰকাৰৰ খাৰু। এইবিধ অলংকাৰ ৰূপৰ ধাতুৰে তৈয়াৰ কৰা হয়। কাডুডিমা মাজৰ অংশ উঠঙা আৰু দুই কাষে হেলনীয়া। এনে হেলনীয়া অংশবোৰত বিভিন্ন ডিজাইনৰ বা আৰ্হিৰ ফুল কাটি লোৱা হয়। ইয়াৰ এটা অংশ খোলা হৈ থাকে। কাৰণ সেই অংশৰে খাৰুপাত হাতত সুমুৱাই ল'ব পাৰি।[6]
জংসাম
জংসাম নামৰ অলংকাৰবিধ প্ৰায় ৮/৯ ডাল সৰু সৰু বগা গোটা মণিৰ সমষ্টি। অলংকাৰবিধৰ মাজে মাজে অন্য সোণালী ৰঙৰ ডাঙৰ মণিৰে গোটেই কেইডাল সৰু মণি আৱৰি থাকে। সম্পূৰ্ণ মণিধাৰত এনে ডাঙৰ মণি তিনিটা অংশত থাকে। ইবোৰৰ উপৰিও 'জিংঝি' আৰু 'থেক্লাউ' নামে দুবিধ অলংকাৰো ডিঙিত হাৰ হিচাপে ব্যৱহাৰ কৰে।[6]
য়াওসেৰ
য়াওসেৰ হ'ল ডিমাচা নাৰীয়ে বাহুত পৰিধান কৰা এবিধ অলংকাৰ। ইয়াক ৰূপ ধাতুৰে তৈয়াৰ কৰি লোৱা হয়।[6]
কামাউটাই
কামাউটাই হ'ল কাণত পিন্ধা কেৰু। ই অতি গধুৰ হয়।[6]
নেপুৰ
ডিমাচা নাৰীয়ে পুৰণি ব্যৱহাৰ কৰা এবিধ পৰম্পৰাগত অলংকাৰ হ'ল নেপুৰ। নেপুৰ সৰু সৰু মণিৰে গঠিত।[6]
খুমটাউ
খুমটাউ হ'ল ডিমাচা মহিলাই পৰিধান কৰা এক প্ৰকাৰৰ কাণফুলি। ডিমাচা নাৰীয়ে পৰিধান কৰা আন কেইবিধমান কাণফুলি হ'ল কৃ, পাণ্টাওৱাৰ আদি।[6]
লোকনৃত্য/লোকবাদ্য/লোকগীত
[সম্পাদনা কৰক]মহিলাসকলে হাতত থাল লৈ 'বাই মাই জাই' নৃত্য প্ৰৰ্দশন কৰে। খ্ৰাম, মুড়ীৱামেছা, খ্ৰাম দুবুং, চুফিন, মুড়ী আদি পৰম্পৰাগত বাদ্যযন্ত্ৰ। উৎসৱত গোৱা আনন্দৰ গীত, বিয়া নাম, পূজা-পাৰ্বনত গোৱা স্তুতি প্ৰাৰ্থনা, মৃতকৰ বিদায়ৰ বাবে দুখৰ গীত আদি ডিমাছাসকলৰ মাজত প্ৰচলিত আছে।
খাদ্যাভাস
[সম্পাদনা কৰক]ডিমাছাসকলৰ মূল খাদ্য ভাত। ব্যঞ্জনত তেলৰ পৰিৱৰ্তে কলাখাৰ ব্যৱহাৰ কৰে। আদা, জলকীয়া, নহৰু মছলা হিচাপে ব্যৱহাৰ কৰে। কেঁচা শাক-পাচলী, বনৰীয়া শাক, বিভিন্ন মাছ-মাংস, চুঙাত দিয়া মাছৰ লগতে লাওপানী ডিমাছাসকলৰ প্ৰিয় খাদ্য।
অৰ্থনৈতিক অৱস্থা
[সম্পাদনা কৰক]ডিমাছাসকলৰ প্ৰধান জীৱিকা কৃষিকৰ্ম। ম'হ পালন কৰি বিক্ৰি কৰে। মাকৈ, কপাহ, তিল, সৰিয়হ আদি ৰপ্তানি কৰে। এৰাগছৰ খেতি কৰি এৰীপলু পোঁহে। সাজ-পোচাক নিজে বই লয়। নানা ধৰণৰ বাঁহ-বেতৰ সজুলি তৈয়াৰ কৰে।
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Dimasa Kachari". Assam Electronics Development Corporation Ltd Guwahati, Assam. ২০১১. Archived from the original on May 30, 2013. https://web.archive.org/web/20130530165506/http://online.assam.gov.in/tribes_of_assam#Dimasa। আহৰণ কৰা হৈছে: October 13, 2012.
- ↑ [Not available online. Available only in CD. "Census of India - Socio-cultural aspects, Table ST-14"]. Government of India, Ministry of Home Affairs. Not available online. Available only in CD..
- ↑ LaPollo, Randy J. (ed.). Sino-Tibetan languages. Routledge. ISBN 9781135797171.
- ↑ Barua, B.K.; Phukan, N.N.D. (1964). Ahom Lexicons: Based on Original Tai Manuscripts. Department of Historical and Antiquarian Studies in Assam. পৃষ্ঠা. 44. https://books.google.co.in/books?id=MfqkboCUdzwC। আহৰণ কৰা হৈছে: November 22, 2024.
- ↑ গগৈ,লোকেশ্বৰ:অসমৰ লোক-সংস্কৃতি,পৃ.২৮০-২১১
- ↑ 6.00 6.01 6.02 6.03 6.04 6.05 6.06 6.07 6.08 6.09 6.10 গোহাঁই,পুণ্যলতা,ড°(মু.সম্পা.):অসমৰ জনগোষ্ঠীয় নাৰীৰ সাজপাৰ আৰু অলংকাৰ, অলিম্পিয়া প্ৰকাশন,২০১৭