উদিত নাৰায়ণ
উদিত নাৰায়ণ | |
---|---|
জন্ম | উদিত নাৰায়ণ ঝা ১ ডিচেম্বৰ, ১৯৫৫ (৬৯ বছৰ)[1] বৈসী, বিহাৰ, ভাৰত |
পেচা | নেপথ্য কণ্ঠশিল্পী |
সক্ৰিয় হৈ থকা সময় | ১৯৮০ – বৰ্তমান |
দাম্পত্যসঙ্গী |
|
সন্তান | আদিত্য নাৰায়ণ[3] |
বঁটা, সন্মান, পুৰস্কাৰ আদি | *শ্ৰেষ্ঠ পুৰুষ নেপথ্য কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটা |
সাংগীতিক কেৰিয়াৰ | |
সংগীতৰ প্ৰকাৰ | |
বাদ্যযন্ত্ৰ | Vocals |
ৰেকৰ্ড লেবেল |
|
উদিত নাৰায়ণ (ইংৰাজী: Udit Narayan; জন্ম: ১ ডিচেম্বৰ ১৯৫৫)[1] এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী৷ যাৰ গীতবোৰ মূলতঃ হিন্দী ভাষাৰ বলীউডৰ চলচ্চিত্ৰত প্ৰদৰ্শিত হৈছে। তেওঁ ভাৰত আৰু নেপালৰ এগৰাকী প্ৰখ্যাত গায়ক হিচাপে পৰিচিত।[3][5][6][7][2] তেওঁ তেলেগু, কন্নড়, তামিল, গুজৰাটী, মালয়ালম, ওড়িয়া, নেপালী, ভোজপুৰী, পাঞ্জাৱী, অসমীয়া, বঙালীকে ধৰি বিভিন্ন ভাষাত গীত গাইছে।[8]
তেওঁ চাৰিটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা[9][4] (তাৰ ভিতৰত গায়ক হিচাপে ৩টা, ২০০১ চনত ২টা গানৰ বাবে আৰু ২০০২ চনত ১টা গানৰ বাবে আৰু ২০০৫ চনত প্ৰযোজক হিচাপে ১টা) আৰু ২০টা মনোনয়নৰ লগতে ৫টা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। ১৯৮০ চনত তেওঁ বলীউড প্লেবেকত আত্মপ্ৰকাশ কৰাৰ পিছতো যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছিল।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]১৯৫৫ চনত মৈথিল ব্ৰাহ্মণ পৰিবাৰত উদিত নাৰায়ণ ঝাৰ জন্ম হৈছিল৷ তেওঁৰ পিতৃ হৰেকৃষ্ণ ঝা নেপালী আৰু মাতৃ ভুৱনেশ্বৰী ঝাৰ এগৰাকী ভাৰতীয় আছিল।[10][11] ২০০৯ চনত যেতিয়া উদিত নাৰায়ণক ভাৰতৰ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়, তেতিয়া তেওঁক নেপালত জন্মগ্ৰহণ কৰা বুলি ভাৰতীয় নাগৰিকত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা বাতৰি পোৱা গৈছিল। অৱশ্যে, উদিত নাৰায়ণে সেই প্ৰতিবেদনবোৰক "সম্পূৰ্ণ মিছা" বুলি কৈ তেওঁৰ জন্ম বিহাৰৰ সুপৌল জিলাৰ বৈসী গাঁৱত তেওঁৰ মাকৰ ঘৰত জন্ম হোৱা বুলি কয়।[12] পদ্মশ্ৰী বঁটা গ্ৰহণ কৰাৰ পিছত তেওঁ নেপালত সমালোচনাৰ সন্মুখীন হৈছিল, তেতিয়া তেওঁ নেপালী দৈনিক কান্তিপুৰক কৈছিল যে তেওঁ “নেপালৰ যদিও তেওঁৰ মাতৃৰ ঘৰ বিহাৰত আছিল।”[13] ২০১৭ চনত ভাৰতীয় আলোচনী আউটলুকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ স্পষ্টকৈ জনায় যে, তেওঁৰ জন্ম বৈসীত হৈছিল আৰু তেওঁৰ দেউতাক হৰেকৃষ্ণ নেপালৰ সগৰমাথা অঞ্চলৰ সপ্তৰী জিলাৰ ভাৰদহৰ বাসিন্দা আছিল।[11] ২০১৮ চনৰ ছেপ্টেম্বৰত বিহাৰ ঝাৰখণ্ড এছ'চিয়েশ্যন অফ নৰ্থ আমেৰিকাৰ দ্বাৰা অনুষ্ঠিত হোৱা এক অনুষ্ঠানত উদিত নাৰায়ণে নিজকে বিহাৰী হিচাপে পৰিচয় দিয়ে।[14]
তেওঁ ভাৰতৰ বিহাৰৰ সুপৌলৰ কুনাউলিৰ জগেশ্বৰ হাইস্কুলত অধ্যয়ন কৰিছিল, য'ত তেওঁ এছএছচি সমাপ্ত কৰিছিল আৰু পিছত নেপালৰ কাঠমাণ্ডুৰ ৰত্ন ৰাজ্য লক্ষ্মী কেম্পাচৰ (Ratna Rajya Lakshmi Campus) পৰা মধ্যৱৰ্তী ডিগ্ৰী লাভ কৰিছিল। তেওঁৰ দেউতাক হৰেকৃষ্ণ ঝা এগৰাকী খেতিয়ক আছিল আৰু মাতৃ ভুৱনেশ্বৰী দেৱী এগৰাকী লোক কণ্ঠশিল্পী আছিল, যিয়ে উদিত নাৰায়ণৰ সংগীত কৰ্মৰাজীত উৎসাহ যোগাইছিল৷[15][2][16]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]২০০৬ চনত ৰঞ্জনা নাৰায়ণে নাৰায়ণৰ প্ৰথম পত্নী বুলি কৰা দাবীক উদিত নাৰায়ণে অস্বীকাৰ কৰিছিল যদিও পিছত তেওঁক উদিত নাৰায়ণে পত্নী হিচাপে গ্ৰহণ কৰিছিল৷[5][17] উদিত নাৰায়ণে প্ৰথমে ৰঞ্জনা নাৰায়ণ ঝাৰ সৈতে আৰু পিছত দীপা নাৰায়ণ ঝাৰ সৈতে দুবাৰ বিবাহ পাশত আৱদ্ধ হয়৷ ৰঞ্জনা নাৰায়ণৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পিছত তেওঁ দীপা নাৰায়ণৰ সৈতে সম্পৰ্ক স্থাপন কৰে আৰু ১৯৮৫ চনত বিবাহপাশত আৱদ্ধ হয়৷ দীপা নাৰায়ণৰ সৈতে তেওঁৰ এগৰাকী পুত্ৰ সন্তানৰ জন্ম হয় - আদিত্য নাৰায়ণ, যি এগৰাকী নেপথ্য কণ্ঠশিল্পী।[3][5][18][19]
ডিস্কোগ্ৰাফী
[সম্পাদনা কৰক]অন্যান্য কণ্ঠশিল্পীৰ সৈতে
[সম্পাদনা কৰক]উদিত নাৰায়ণে সংগীত কেৰিয়াৰ ১৯৮০ চনত আৰম্ভ কৰে আৰু ৯০ ৰ দশকত বিকশিত হয়। উল্লেখযোগ্য মহিলা নেপথ্য কণ্ঠশিল্পীৰ লগতে সকলো প্ৰজন্মৰ নেপথ্য কণ্ঠশিল্পীৰ সৈতে তেওঁ সহযোগিতা কৰিবলৈ সৌভাগ্য পাইছিল। জনপ্ৰিয় কণ্ঠশিল্পী মহম্মদ ৰফিৰ সৈতে উদিত নাৰায়ণে সংগীত জগতত আত্মপ্ৰকাশ কৰিছিল আৰু তাৰ পিছত ৮০ৰ দশকত কিশোৰ কুমাৰ, অমিত কুমাৰ, সুৰেশ ৱাডকৰ, মোহম্মদ আজিজ আৰু আন আন কণ্ঠশিল্পীৰ গীত গাৱলৈ সুযোগ পাইছিল। তেওঁ বেছিভাগ গীত পুৰুষ কণ্ঠশিল্পী কুমাৰ চানু আৰু অভিজিৎৰ সৈতে গাইছে। তেওঁৰ নিৰ্বাচিত আৰু উল্লেখযোগ্য কিছুমান গীত তলত দিয়া হ’ল-
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Aditya bakes a cake for father Udit Narayan on birthday". Mid-Day. 3 December 2015. http://www.mid-day.com/articles/aditya-bakes-a-cake-for-father-udit-narayan-on-birthday/16736163.
- ↑ 2.0 2.1 2.2 2.3 "Singer Udit Narayan accosted by 'first' wife". Daily News and Analysis. 21 April 2006. http://www.dnaindia.com/india/report-singer-udit-narayan-accosted-by-first-wife-1025327.
- ↑ 3.0 3.1 3.2 "Sa Re Ga Ma Pa L'il Champs' Aditya Narayan: Today people know me by my name". 10 March 2017. http://www.hindustantimes.com/bollywood/sa-re-ga-ma-pa-l-il-champs-host-sa-re-ga-ma-pa-l-il-champs-aditya-narayan-today-people-know-me-by-my-name/story-1gH4kJrnmRyEXrFEHb7DYJ.html.
- ↑ 4.0 4.1 বঁটা আৰু মনোনয়ন
- ↑ 5.0 5.1 5.2 "Udit Narayan meets 'first wife' Ranjana". http://www.timesofindia.com/india/Udit-Narayan-meets-first-wife-Ranjana/articleshow/1694218.cms.
- ↑ "Indian Celebrities Who Married Their Mistresses". 26 October 2015. Archived from the original on 31 July 2017. https://web.archive.org/web/20170731151731/http://www.indiatimes.com/entertainment/celebs/indian-celebrities-who-married-their-mistresses-277600-32.html.
- ↑ Sahay, Anand Mohan (28 June 2006). "Udit Narayan wants compromise with first wife". Rediff. https://www.rediff.com/movies/2006/jun/28udit.htm.
- ↑ "Udit Narayan: Latest News, Videos and Udit Narayan Photos - Times of India". https://timesofindia.indiatimes.com/topic/udit-narayan.
- ↑ "Udit Narayan National award". https://www.filmibeat.com/amphtml/bollywood/features/2018/happy-birthday-udit-narayan-six-best-songs-of-the-prince-of-playback-singing-279998.html। আহৰণ কৰা হৈছে: 26 October 2018.
- ↑ Shaw, Shri Ram (5 July 2020). "Exclusive – Udit Narayan on completing 40 years in Bollywood: Bitterness of struggle makes success sweeter" (en ভাষাত). Asianet News Network Pvt Ltd. https://newsable.asianetnews.com/entertainment/exclusive-udit-narayan-on-completing-40-years-in-bollywood-bitterness-of-struggle-makes-success-sweeter-qd00cc.
- ↑ 11.0 11.1 Udit Narayan (8 May 2017). "Song Of Life Diary". Outlook. https://www.outlookindia.com/magazine/story/song-of-life-diary/298795.
- ↑ "Getting Padma Shri a dream come true". Hindustan Times. 28 January 2009. https://www.hindustantimes.com/music/getting-padma-shri-a-dream-come-true/story-yiohUwVr91LVN8cLJ8GR3H.html. "'They say I was born in Nepal, but that's completely false. I was born in a village called Baisi on the Supaul district of Bihar in 1955 at my maternal grandparents' home,' Udit had said in a recent interview with IANS."
- ↑ "Artistes have no borders, Udit Narayan tells Nepal". The Times of India. 27 January 2009. https://timesofindia.indiatimes.com/world/south-asia/Artistes-have-no-borders-Udit-Narayan-tells-Nepal/articleshow/4037648.cms.
- ↑ "Bihar Jharkhand Association of North America Honors Singer Udit Narayan". PatnaDaily. 8 September 2018. Archived from the original on 11 September 2018. https://web.archive.org/web/20180911002441/https://www.patnadaily.com/index.php/news/13809-bihar-jharkhand-association-of-north-america-honors-singer-udit-narayan.html.
- ↑ "Udit Narayan on iTunes". ITunes. https://itunes.apple.com/in/artist/udit-narayan/id18485031। আহৰণ কৰা হৈছে: 2 March 2021.
- ↑ Sharma, Devesh (23 July 2016). "Udit Narayan looks back at his career with affection". Filmfare. http://www.filmfare.com/interviews/udit-narayan-looks-back-at-his-career-with-affection-14692.html। আহৰণ কৰা হৈছে: 13 June 2017.
- ↑ "Tale of two wives". http://www.timesofindia.com/city/kolkata/Tale-of-two-wives/articleshow/1833057.cms.
- ↑ "Indian Celebrities Who Married Their Mistresses". 26 October 2015. Archived from the original on 31 July 2017. https://web.archive.org/web/20170731151731/http://www.indiatimes.com/entertainment/celebs/indian-celebrities-who-married-their-mistresses-277600-32.html.
- ↑ Sahay, Anand Mohan (28 June 2006). "Udit Narayan wants compromise with first wife". Rediff. https://www.rediff.com/movies/2006/jun/28udit.htm.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত উদিত নাৰায়ণ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- উদিত নাৰায়ণ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ফেইচবুকত উদিত নাৰায়ণ