ইহুদী গণহত্যা
ইহুদী গণহত্যা | |
---|---|
দ্বিতীয় বিশ্বযুদ্ধৰ অংশ | |
ইহুদীসকলক এক বন্দী শিবিৰত অনাৰ দৃশ্য, মে' ১৯৪৪। ইয়াৰ অধিকাংশকে গেছ চেম্বাৰত বন্দী কৰি হত্যা কৰা হৈছিল।[1] | |
বিৱৰণ | ইউৰোপীয় ইহুদীসকলৰ ওপৰত কৰা গণহত্যা |
স্থান | নাজী জাৰ্মানী আৰু জাৰ্মান অধিকৃত ইউৰোপ |
তাৰিখ | ১৯৪১–১৯৪৫[2] |
আক্ৰমণৰ প্ৰকাৰ | গণহত্যা, জাতিগত নিৰ্মূল (ethnic cleansing) |
নিহত | প্ৰায় ৬০ লাখ ইহুদী; ১.১ কোটি আন গোষ্ঠীৰ লোক[3] |
আক্ৰমণকাৰী | নাজী জাৰ্মানী আৰু ইয়াৰ সহযোগীসকল |
কাৰণ | ইহুদীবিদ্বেষ |
ইহুদী গণহত্যা বা হ'লকাষ্ট (ইংৰাজী: The Holocaust, হিব্ৰু: השואה) আছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইউৰোপীয় ইহুদী ধৰ্মালম্বী লোকসকলৰ ওপৰত কৰা গণহত্যা। ১৯৪১ চনৰ পৰা ১৯৪৫ চনৰ মাজত জাৰ্মান অধিকৃত ইউৰোপত নাজী জাৰ্মানী আৰু ইয়াৰ সহযোগীসকলে নিয়মিতভাবে প্ৰায় ৬০ লাখ ইহুদীক হত্যা কৰেছিল, এয়া আছিল সেইসময়ৰ ইউৰোপৰ ইহুদী জনসংখ্যাৰ প্ৰায় দুই-তৃতীয়াংশ।[4] নাজীসকল হ'লকাষ্টৰ বাবে কুখ্যাত। হত্যাকাণ্ডসমূহ সুপৰিকল্পিত আঁচনিৰ অধীনত জনগণৰ ওপৰত গুলিবৰ্ষণ, বন্দী শিবিৰবোৰত বলপ্ৰয়োগ কৰি মজদুৰীৰ কামত লগাই হত্যা কৰা নীতি আৰু জাৰ্মান শিবিৰবোৰৰ গেছ চেম্বাৰবোৰৰ দ্বাৰা কৰা হৈছিল।
জাৰ্মানীয়ে পৰ্যায়ক্ৰমে এই গণহত্যা চলাই গৈছিল। ১৯৩৩ চনৰ ৩০ জানুৱাৰীত এডল্ফ হিটলাৰক চাঞ্চেলৰ হিচাপে নিয়োগ কৰাৰ পাছত, জাৰ্মান শাসকে জাৰ্মানীৰ বহু ঠাইত বন্দী শিবিৰ প্ৰতিষ্ঠা কৰি ৰাজনৈতিক প্ৰতিপক্ষ আৰু "অনাকাঙ্ক্ষিত" বুলি গণ্য কৰা লোকসকলক বন্দী কৰি ৰাখিছিল। এয়া ১৯৩৩ চনৰ ২২ মাৰ্চত ডাখাউ চহৰ পৰা আৰম্ভ হয়। হিটলাৰক পূৰ্ণ ক্ষমতা দিয়া এখন আইন ২৪ মাৰ্চৰ পৰা কাৰ্যকৰ হয়, আৰু তেতিয়াৰে পৰা চৰকাৰখনে ইহুদীসকলক নাগৰিক সমাজৰ পৰা বিচ্ছিন্ন কৰা আৰম্ভ কৰে আৰু ইহুদী ব্যৱসায়সমূহক বয়কট কৰে। জাৰ্মানীয়ে অষ্ট্ৰিয়া অধিকাৰ কৰাৰ আঠ মাহৰ পাছত, ১৯৩৮ চনৰ ৯-১০ নৱেম্বৰত জাৰ্মানী আৰু অষ্ট্ৰিয়া জুৰি ইহুদী ব্যৱসায় তথা অন্য ভৱনসমূহ লুণ্ঠন, ধ্বংস বা অগ্নি সংযোগ কৰা হৈছিল। ১৯৩৯ চনৰ ছেপ্টেম্বৰত জাৰ্মানীয়ে প'লেণ্ড আক্ৰমণ কৰাৰ পাছত দ্বিতীয় বিশ্বযুদ্ধৰ সূত্ৰপাতৰ হয়, জাৰ্মান চৰকাৰে বাকী জনতাৰ পৰা ইহুদীসকলক বেলেগ কৰি ৰখাৰ উদ্দেশ্যে ইহুদী বস্তি স্থাপন কৰিছিল। হাজাৰ হাজাৰ বন্দী শিবিৰ আৰু অন্য বন্দী স্থান জাৰ্মান অধিকৃত ইউৰোপ জুৰি প্ৰতিষ্ঠা কৰা হৈছিল।
জনাকীৰ্ণ বন্দী শিবিৰত ৰাজনৈতিক আৰু যুদ্ধবন্দীবোৰক ক্ৰীতদাসৰ দৰে কামত লাগোৱা হৈছিল, যাৰ ফলত অবসন্ন হৈ বেমাৰত পৰি তেওঁলোকৰ মৃত্যু ঘটিছিল। জাৰ্মানীত নাজীৰ উত্থানক "তৃতীয় ৰাইখ" (তৃতীয় ৰাজ্য) বোলা হয়। নাজী জাৰ্মানী তেতিয়া পূব ইউৰোপৰ কিছু অঞ্চল দখল কৰিছিল। নাজী চৰকাৰে বিৰুদ্ধাচৰণকাৰী আৰু ইহুদীসকলক গুলি চলাই হত্যা কৰিছিল। ইহুদী আৰু ৰোমানী ভাষাগোষ্ঠীৰ লোকসকলক ধৰি লৈ গৈ বস্তিসমূহত ৰখা হৈছিল। এই বস্তিবোৰৰ পৰা মালবাহী ট্ৰেইনেৰে শ শ মাইল আঁতৰত থকা বন্দী শিবিৰবোৰত তেওঁলোকক লৈ যোৱা হৈছিল। মালবাহী ট্ৰেইনেৰে পৰিবহণৰ সময়তে অধিকাংশ লোকৰ মৃত্যু ঘটিছিল। যিসকল বাচি আছিল তেওঁলোকক গেছ চেম্বাৰত বন্দী কৰি হত্যা কৰা হৈছিল। সেইসময়ৰ জাৰ্মানীৰ আমোলাতন্ত্ৰৰ সকলো শাখা সৰ্বাত্মকভাবে গণহত্যাত জড়িত আছিল। ইহুদী গণহত্যা বিশেষজ্ঞ মন্তব্যৰ অনুসৰি এয়াই জাৰ্মানীক এক "নৰঘাতক ৰাষ্ট্ৰ"-ত পৰিণত কৰিছিল।
ইহুদী গণহত্যা লগতে আন গোষ্ঠীৰ লোককো হত্যা কৰা হৈছিল। এইসকলৰ মাজত শ্লাভ লোক (পোল লোক, ছ'ভিয়েট সংঘৰ লোক, ছ'ভিয়েট যুদ্ধবন্দী), ৰোমানীসকল, 'জীয়াই থকাৰ অনুপযুক্ত' বুলি ভবা লোক, শাৰীৰিকভাৱে অক্ষম, মানসিক ৰোগী, সমকামী লোক উল্লেখযোগ্য। ইহুদী আৰু আন গোষ্ঠীসমূহক ধৰি এই সুপৰিকল্পিত গণহত্যাৰে মুঠতে প্ৰায় ১.১ কোটি লোকক হত্যা কৰা হৈছিল।[3]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Deportation of Hungarian Jews". Timeline of Events. United States Holocaust Memorial Museum. https://www.ushmm.org/learn/timeline-of-events/1942-1945/deportation-of-hungarian-jews। আহৰণ কৰা হৈছে: 6 October 2017.
- ↑ Landau 2016, পৃষ্ঠা. 3.
- ↑ 3.0 3.1 "Documenting Numbers of Victims of the Holocaust and Nazi Persecution". United States Holocaust Memorial and Museum. 4 February 2019. https://encyclopedia.ushmm.org/content/en/article/documenting-numbers-of-victims-of-the-holocaust-and-nazi-persecution.
- ↑ "Remaining Jewish Population of Europe in 1945". Holocaust Encyclopedia. United States Holocaust Memorial Museum. Archived from the original on 13 June 2018. https://encyclopedia.ushmm.org/content/en/article/remaining-jewish-population-of-europe-in-1945.