সমললৈ যাওক

মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি, গান্ধী ময়দান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি, গান্ধী ময়দান

দুটা সন্তানৰ সৈতে মৰমেৰে থিয় হৈ থকা গান্ধীজী
স্থানাঙ্ক 25°37′7″N 85°8′33″E / 25.61861°N 85.1425°E / 25.61861; 85.1425স্থানাংক: 25°37′7″N 85°8′33″E / 25.61861°N 85.1425°E / 25.61861; 85.1425
ডিজাইনাৰ অনিল সুতাৰ
প্ৰকাৰ প্ৰতিমূৰ্তি
পদাৰ্থ তাম
উচ্চতা ২২ মিটাৰ
নিৰ্মাণ আৰম্ভ ২০১২
নিৰ্মাণ সমাপ্তি ২০১৩
মুকলি ১৫ ফেব্ৰুৱাৰী ২০১৩
উছৰ্গিকৃত মহাত্মা গান্ধী

মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি পাটনাৰ গান্ধী ময়দানত থকা ভাৰতৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ ৰাজহুৱা স্মৃতিসৌধ। এই প্ৰতিমূৰ্তিটো হৈছে বিশ্বৰ সৰ্বোচ্চ ব্ৰঞ্জেৰে তৈয়াৰী এটা মূৰ্তি। ২০১৩ চনৰ ১৫ ফেব্ৰুৱাৰীত বিহাৰৰ তদানীন্তন মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ইয়াক উন্মোচন কৰিছিল।[1] বিহাৰ চৰকাৰে ৩৫ কোটি ব্যয় সাপেক্ষে ইয়াক প্ৰতিষ্ঠা কৰিছিল।[2] দ্বিতীয় সৰ্বোচ্চ গান্ধীৰ প্ৰতিমূৰ্তি কৰ্ণাটকৰ তুৰুৱনুৰ চিত্ৰদুৰ্গা তালুকত অৱস্থিত।

এই প্ৰতিমূৰ্তিটো ৭২ ফুট (22 মিটাৰ) উচ্চতাৰ ভিত্তিৰ সৈতে ব্ৰঞ্জৰে তৈৰী কৰা হৈছে। ৰাম সুতাৰৰ ফাৰ্মে ভাস্কৰ্য্য নিৰ্মাণ কৰা এইখন ঐতিহাসিক গান্ধী ময়দানৰ পশ্চিম মূৰত, পাটনাছেইণ্ট জেভিয়াৰ হাইস্কুলৰ সন্মূখত অৱস্থিত।[3] ইয়াত দেখা গৈছে মহাত্মা গান্ধীয়ে দুটা সন্তানৰ সৈতে মৰমেৰে থিয় হৈ আছে। ২৪ ফুট (7.3 মিটাৰ) উচ্চতাৰ এই পেডেষ্টেলটোত গান্ধীৰ জীৱনৰ চাৰিটা উল্লেখযোগ্য পৰিঘটনা- ১৯৩০ চনত দাণ্ডী মাৰ্চ, ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলন, ১৯১৭ চনত চম্পাৰণ সত্যগ্ৰহ আৰু গান্ধীৰ প্ৰতীক হিচাপে চৰখা (যঁতৰ) ডাঙৰ আখৰেৰে লিখা আছে।[4]

ৰামসুতাৰ আৰ্টছ প্ৰাইভেট লিমিটেড চলোৱা ভাস্কৰ্য শিল্পী অনিলে কয় যে "গান্ধীক হাঁহিমুখীয়া চাৱনিৰে প্ৰদৰ্শন কৰা এই মূৰ্তিটোৱে বিশ্ব শান্তিৰ বাৰ্তা বিয়পাই দিব আৰু ধনী আৰু দুখীয়াৰ মাজৰ বিভাজন দূৰ কৰিবলৈ সকলোকে প্ৰেৰণা যোগাব।"[5]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সমূহ

[সম্পাদনা কৰক]
  1. "World's Tallest Statue of Mahatma Gandhi Unveiled in Patna". PatnaDaily.Com. 2013-02-15. Archived from the original on 2023-06-24. https://web.archive.org/web/20230624032559/https://www.patnadaily.com/index.php/news/8132-world-s-tallest-statue-of-mahatma-gandhi-unveiled-in-patna.html। আহৰণ কৰা হৈছে: 2014-05-28. 
  2. "Tallest Gandhi statue to be installed at Patna – The Times of India". Timesofindia.indiatimes.com. 2012-08-05. http://timesofindia.indiatimes.com/city/patna/Tallest-Gandhi-statue-to-be-installed-at-Patna/articleshow/15363214.cms। আহৰণ কৰা হৈছে: 2014-05-28. 
  3. "Gandhi vs Gandhi: Two statues of the Father of the Nation are getting differential treatment in Patna.". PIYUSH KUMAR TRIPATHI. The Telegraph (Calcutta), Patna. 13 September 2013. http://www.telegraphindia.com/1130916/jsp/bihar/story_17350028.jsp#.U4YlroGDkTA। আহৰণ কৰা হৈছে: 29 May 2014. 
  4. "Mahatma Gandhi's tallest statue unveiled – The Times of India". Timesofindia.indiatimes.com. 2013-02-16. http://timesofindia.indiatimes.com/city/patna/Mahatma-Gandhis-tallest-statue-unveiled/articleshow/18523016.cms। আহৰণ কৰা হৈছে: 2014-05-28. 
  5. PTI (2013-02-15). "World’s tallest Gandhi statue unveiled in Patna". The Hindu. http://www.thehindu.com/news/national/other-states/worlds-tallest-gandhi-statue-unveiled-in-patna/article4418923.ece। আহৰণ কৰা হৈছে: 2014-05-28.