পাটকাই
ৱিকিপিডিয়াৰ গুণগত মান বজাই ৰাখিবলৈ এই প্ৰবন্ধৰ অধিক উন্নয়নৰ থল থকা যেন অনুভৱ হয় (বিশদ নিৰ্দেশনা চাওক)। সম্ভৱ হ'লে অনুগ্ৰহ কৰি এই প্ৰবন্ধৰ মান উন্নয়নত আপুনিও যথাসম্ভব সহায় কৰক। আলোচনা পৃষ্ঠাত অধিক তথ্য থাকিব পাৰে, চাই লয় যেন। |
পাটকাই হেছৈ বিশ্বৰ অন্যতম জৈৱ-বৈচিত্ৰৰে চহকী ঘন চিৰ সেউজীয়া বৰ্ষাৰন্যৰে ভৰা এক বিশাল পৰ্বত। অসমৰ কেইবাখনো নদীৰ উৎপত্তি স্থল। কেইবাটাও বৰ্ণাঢ়্য জনগোষ্ঠীৰ বসতিস্থলৰ। পাটকা অসমৰ একেবাৰে পূৱ প্ৰান্তত অৱস্থিত এটা সুউচ্চ পৰ্বত । পাটকাই পৰ্বতটোৱে অসম, অৰুণাচল আৰু নাগালেণ্ডৰ উপৰিও ম্যানমাৰ দেশলৈ বিস্তৃত হৈ আছে । পাটকাই পৰ্বতৰ পৰাই উৎপত্তি অসমৰ বুঢ়ীদিহিং আৰু নদিহিং। নদিহিং নদী মিছিমি আৰু পাটকাইৰ পৰ্বতৰ সংযোগস্থলিৰ পৰা প্ৰথমে ডিয়োম নাম লৈ বৈ আহিছে | পাটকাইৰ পৰা ওলোৱা আনকেইখন নদী হ’ল নামফুক, টিৰাপ, আৰু দিবাং বা দিল্লি নৈ । ইয়াৰ ওপৰিও পাটকাইৰ মিছিমি পৰ্বত শ্ৰেণীৰ পৰা আৰু ভালেমান নৈ উপনৈ ওলাই অৰুণাচল হৈ অসমলৈ প্ৰবাহিত হৈছে |
ইতিহাস আৰু ভূগোল
পাটকাই পৰ্বত বিশ্বৰ অন্যতম ইতিহাস প্ৰসিদ্ধ ঠাই | পাটকাই হ’ল আন্তৰ্জাতিক প্ৰৱজনৰ অন্যতম গিৰিপথ | পাটকাই ওপৰেৰেই প্ৰতিষ্ঠিত হৈছিল চীনৰ য়ুনান প্ৰদেশৰ পৰা মধ্য তথা পশ্চিম ভাগৰ পৰা ভাৰতবৰ্ষলৈ চলা বিশ্বৰ অন্যতম প্ৰধান ৰেচম পথটো | এই পাটকাই ওপৰেৰেই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত গাড়ী যাব পৰাকৈ সজা পথটোৱেই হ’ল ষ্টীলৱেল পথ | অসমৰ ৰাজনৈতিক ইতিহাসৰ সৈতে এই পাটকাই সম্পৰ্ক সুগভীৰ | চীনৰ যুনান অঞ্চলত অৱস্থিত মংমাও ৰাজ্যৰ পৰা অহা চাওলং চ্যুকাফাই পাটকাই পাৰ হৈ অসমত আহোম ৰাজ্য প্ৰতিস্থা কৰিছিল | পাটকাই গিৰিপথেদিয়েই মান সকল আহিছিল আহোম ৰাজ্য আক্ৰমন কৰিবলৈ | পাটকাই গিৰিপথেদিয়েই অসমলৈ প্ৰৱজিত হৈছিল ভালেমান জনগোষ্ঠীৰ লোক | চিংফৌ, তাংছা, নক্তে আদি বিভিন্ন জনগোষ্ঠীয়ে ব্ৰহ্মদেশৰ পৰা আহি পুৰণি অসমত বসবাস কৰিবলৈ লৈছিল | পাটকাই পাদদেশতেই প্ৰ্তিষ্ঠিত হৈছিল কেইবাখনো সৰু সৰু জনজাতীয় ৰাজ্য | পাটকাই পাদদেশতেই উদঘাটিত হৈছিল প্ৰথম তেলৰ পুং, আৰু ক’লা সোন কয়লাৰ খনি |
এই অঞ্চল জৈৱ-বৈচিত্ৰ আৰু প্ৰাকৃতিক সম্পদৰ বাবে বিশ্ববিখ্যাত | অৰুণাচলৰ নামদাফা ৰাষ্ট্ৰীয় উদ্যান বিশ্ব বিখ্যাত | এই ৰাষ্ট্ৰীয় উদ্যান য’ত বৰফৰ বাঘ আৰু ঢেঁকীয়াপতীয়া বাঘ একেলগে পোৱা যায় | নামদাফা অৰণ্যত য’ত দুয়োটা প্ৰাকৃতিক পৰিবেশ আছে | পৰ্বতৰ টিঙত বৰফৰ বাঘ আৰু সমুদ্ৰপৃষ্ঠৰ কিছু উচ্চতাৰ অৰণ্যত ঢেঁকীয়াপতীয়া বাঘ বাস কৰি আছে | বিজ্ঞানী সকলে প্ৰকাশ পৰা এক গবেষনা পত্ৰৰ অনুযায়ী নামদাফা অঞ্চলতেই ১৩ প্ৰকাৰৰ কেঁচু, ৫ প্ৰাকাৰৰ জোক, ৪৩০ প্ৰকাৰৰ পতংগ, ১৪০ প্ৰকাৰৰ পখিলা, ৭৬ প্ৰকাৰৰ মাছ, ২৫ প্ৰকাৰৰ চৰাই উল্লেখযোগ্য | মুঠতে পাটকাই অঞ্চল বিশ্বৰ বন্যপ্ৰানীৰ অন্যতম চহকী অঞ্চল |
এই অঞ্চলৰ জনগোষ্ঠী
পাটকাই এক বিশেষত্ব হ’ল জনগোষ্ঠী আৰু লোক সংস্কৃতিৰ বৈচিত্ৰ | পাটকাই পৰ্বত মালাত বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ জণগোষ্ঠীয়ে বহ বাস কৰি সাংস্কৃতিক বৈচিত্ৰ সৃষ্টি কৰিছে | এই অঞ্চলত বস বাস কৰা বহুতো জনগোষ্ঠীৰ বিষয়ে পৃথিবীৰ মানুহে নাজানে | আনকি আমি অসমৰ মানুহেও নাজানো পাটকাই অঞ্চলত কিমান বৈচিত্ৰময় জনগোষ্ঠীয়ে বস বাস কৰি আছে | আটাইতকৈ ডাঙৰ কথা হ’ল, এই জনগোষ্ঠীসমুহ প্ৰাকৃতিক অৱস্থাৰ বাবে বিপন্ন হৈছে, তেওঁলোকৰ জীৱন, সমাজ আৰু পাৰম্পৰিক সংস্কৃতি | ইতিমধ্যে পাটকাই অঞ্চলত বসবাস কৰা কেইবাটাও জনগোষ্ঠীয়ে হেৰুৱাইছে তেওঁলোকৰ ভাষা | ভাষা হেৰুৱাৰ লগে লগে হেৰাই গৈছে তেওঁলোকৰ পৰম্পৰাগত সংস্কৃতি | নগাভূমিৰ ওপৰিও অৰুণাচল প্ৰদেশৰ বৃহ্ত্ অংশ এটা পাটকাই পৰ্বতৰ অন্তৰ্গত | পাটকাইত থকা নগাগোষ্ঠীসকলৰ লগতে অৰুণাচলৰ ভালেমান জনগোষ্ঠীয়ে এই পৰ্বতত বাস কৰে | খামতি, চিংফৌ, টাংছা, টুটছা, নক্টে, ৱাংচু লোকসকল এই অঞ্চলৰ উল্লেখযোগ্য জনজাতি | এই প্ৰধান জনজাতি সকলৰ আকৌ ভালেমান উপজনজাতি আছে | টাংছা জনগোষ্ঠীটোৰেই ১৮ টা উপজনগোষ্ঠী আছে | টাংছা উপজনগোষ্ঠীবোৰ হ’ল লুংছা, ৰংৰেং, টংগলিম, নামফাং, জুগলি, লংছিং | এই দৰে প্ৰায়বোৰ প্ৰধান জনগোষ্ঠীৰেই বহুতো উপজনগোষ্ঠী আছে | এওঁলোকৰ সমাজ ব্যৱস্থা, জীৱন প্ৰনালী, পাৰম্পৰিক সংস্কৃতিৰ বিচিত্ৰতা পৃথিৱীতেই বিৰল...!!!