সমললৈ যাওক

পাটকাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
18:24, 20 June 2012-ত 121.245.25.208 (আলোচনা) সদস্য‌ই কৰা সংশোধন (নতুন পৃষ্ঠা: পাটকাই : বিশ্বৰ অন্যতম জৈৱ-বৈচিত্ৰৰে চহকী পাটকাই | ঘন চিৰ সেউজ...)

পাটকাই : বিশ্বৰ অন্যতম জৈৱ-বৈচিত্ৰৰে চহকী পাটকাই | ঘন চিৰ সেউজীয়া বৰ্ষা্ৰন্যৰে ভৰা পাটকাই | অসমৰ কেইবাখনো নদীৰ উত্‍পত্তি স্থলো এই পাটকাই | কেইবাটাও বৰ্ণাঢ়্য জনগোষ্ঠীৰ বসতিস্থল মহান পাটকাই | পাটকাই আমাৰ ৰাজ্য অসমৰ একেবাৰে পূৱ প্ৰান্তত অৱস্থিত এটা সুউচ্চ পৰ্বত | এই পৰ্বতেৰে ভূমুকি মাৰে সূৰুযৰ প্ৰথম কিৰণ আমাৰ ৰাজ্য অসমত | পাটকাই পৰ্বতটোৱে অসম, অৰুণাচল আৰু নাগালেণ্ডৰ ওপৰিও ম্যানমাৰ দেশলৈ বিস্তৃত হৈ আছে | পাটকাই পৰ্বতৰ পৰাই উত্‍পত্তি অসমৰ বুঢ়ীদিহিং আৰু নদিহিং | নদিহিং নদী মিছিমি আৰু পাটকাইৰ পৰ্বতৰ সংযোগস্থলিৰ পৰা প্ৰথমে ডিয়োম নাম লৈ বৈ আহিছে | পাটকাইৰ পৰা ওলোৱা আনকেইখন নদী হ’ল নামফুক, টিৰাপ, আৰু দিবাং বা দিল্লি নৈ | ইয়াৰ ওপৰিও পাটকাইৰ মিছিমি পৰ্বত শ্ৰেণীৰ পৰা আৰু ভালেমান নৈ উপনৈ ওলাই অৰুণাচল হৈ অসমলৈ প্ৰবাহিত হৈছে |

পাটকাইৰ ইতিহাস : পাটকাই পৰ্বত বিশ্বৰ অন্যতম ইতিহাস প্ৰসিদ্ধ ঠাই | পাটকাই হ’ল আন্তৰ্জাতিক প্ৰৱজনৰ অন্যতম গিৰিপথ | পাটকাই ওপৰেৰেই প্ৰতিষ্ঠিত হৈছিল চীনৰ য়ুনান প্ৰদেশৰ পৰা মধ্য তথা পশ্চিম ভাগৰ পৰা ভাৰতবৰ্ষলৈ চলা বিশ্বৰ অন্যতম প্ৰধান ৰেচম পথটো | এই পাটকাই ওপৰেৰেই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত গাড়ী যাব পৰাকৈ সজা পথটোৱেই হ’ল ষ্টীলৱেল পথ | অসমৰ ৰাজনৈতিক ইতিহাসৰ সৈতে এই পাটকাই সম্পৰ্ক সুগভীৰ | চীনৰ যুনান অঞ্চলত অৱস্থিত মংমাও ৰাজ্যৰ পৰা অহা চাওলং চ্যুকাফাই পাটকাই পাৰ হৈ অসমত আহোম ৰাজ্য প্ৰতিস্থা কৰিছিল | পাটকাই গিৰিপথেদিয়েই মান সকল আহিছিল আহোম ৰাজ্য আক্ৰমন কৰিবলৈ | পাটকাই গিৰিপথেদিয়েই অসমলৈ প্ৰৱজিত হৈছিল ভালেমান জনগোষ্ঠীৰ লোক | চিংফৌ, তাংছা, নক্তে আদি বিভিন্ন জনগোষ্ঠীয়ে ব্ৰহ্মদেশৰ পৰা আহি পুৰণি অসমত বসবাস কৰিবলৈ লৈছিল | পাটকাই পাদদেশতেই প্ৰ্তিষ্ঠিত হৈছিল কেইবাখনো সৰু সৰু জনজাতীয় ৰাজ্য | পাটকাই পাদদেশতেই উদঘাটিত হৈছিল প্ৰথম তেলৰ পুং, আৰু ক’লা সোন কয়লাৰ খনি |

প্ৰাকৃতিক সম্পদ : পাটকাই অঞ্চলত জৈৱ-বৈচিত্ৰ আৰু প্ৰাকৃতিক সম্পদৰ বাবে বিশ্ববিখ্যাত | অৰুণাচলৰ নামদাফা ৰাষ্ট্ৰীয় উদ্যান বিশ্ব বিখ্যাত | এই ৰাষ্ট্ৰীয় উদ্যান য’ত বৰফৰ বাঘ আৰু ঢেঁকীয়াপতীয়া বাঘ একেলগে পোৱা যায় | নামদাফা অৰণ্যত য’ত দুয়োটা প্ৰাকৃতিক পৰিবেশ আছে | পৰ্বতৰ টিঙত বৰফৰ বাঘ আৰু সমুদ্ৰপৃষ্ঠৰ কিছু উচ্চতাৰ অৰণ্যত ঢেঁকীয়াপতীয়া বাঘ বাস কৰি আছে | বিজ্ঞানী সকলে প্ৰকাশ পৰা এক গবেষনা পত্ৰৰ অনুযায়ী নামদাফা অঞ্চলতেই ১৩ প্ৰকাৰৰ কেঁচু, ৫ প্ৰাকাৰৰ জোক, ৪৩০ প্ৰকাৰৰ পতংগ, ১৪০ প্ৰকাৰৰ পখিলা, ৭৬ প্ৰকাৰৰ মাছ, ২৫ প্ৰকাৰৰ চৰাই উল্লেখযোগ্য | মুঠতে পাটকাই অঞ্চল বিশ্বৰ বন্যপ্ৰানীৰ অন্যতম চহকী অঞ্চল |

জনগোষ্ঠী : পাটকাই এক বিশেষত্ব হ’ল জনগোষ্ঠী আৰু লোক সংস্কৃতিৰ বৈচিত্ৰ | পাটকাই পৰ্বত মালাত বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ জণগোষ্ঠীয়ে বহ বাস কৰি সাংস্কৃতিক বৈচিত্ৰ সৃষ্টি কৰিছে | এই অঞ্চলত বস বাস কৰা বহুতো জনগোষ্ঠীৰ বিষয়ে পৃথিবীৰ মানুহে নাজানে | আনকি আমি অসমৰ মানুহেও নাজানো পাটকাই অঞ্চলত কিমান বৈচিত্ৰময় জনগোষ্ঠীয়ে বস বাস কৰি আছে | আটাইতকৈ ডাঙৰ কথা হ’ল, এই জনগোষ্ঠীসমুহ প্ৰাকৃতিক অৱস্থাৰ বাবে বিপন্ন হৈছে, তেওঁলোকৰ জীৱন, সমাজ আৰু পাৰম্পৰিক সংস্কৃতি | ইতিমধ্যে পাটকাই অঞ্চলত বসবাস কৰা কেইবাটাও জনগোষ্ঠীয়ে হেৰুৱাইছে তেওঁলোকৰ ভাষা | ভাষা হেৰুৱাৰ লগে লগে হেৰাই গৈছে তেওঁলোকৰ পৰম্পৰাগত সংস্কৃতি | নগাভূমিৰ ওপৰিও অৰুণাচল প্ৰদেশৰ বৃহ্ত্‍ অংশ এটা পাটকাই পৰ্বতৰ অন্তৰ্গত | পাটকাইত থকা নগাগোষ্ঠীসকলৰ লগতে অৰুণাচলৰ ভালেমান জনগোষ্ঠীয়ে এই পৰ্বতত বাস কৰে | খামতি, চিংফৌ, টাংছা, টুটছা, নক্টে, ৱাংচু লোকসকল এই অঞ্চলৰ উল্লেখযোগ্য জনজাতি | এই প্ৰধান জনজাতি সকলৰ আকৌ ভালেমান উপজনজাতি আছে | টাংছা জনগোষ্ঠীটোৰেই ১৮ টা উপজনগোষ্ঠী আছে | টাংছা উপজনগোষ্ঠীবোৰ হ’ল লুংছা, ৰংৰেং, টংগলিম, নামফাং, জুগলি, লংছিং | এই দৰে প্ৰায়বোৰ প্ৰধান জনগোষ্ঠীৰেই বহুতো উপজনগোষ্ঠী আছে | এওঁলোকৰ সমাজ ব্যৱস্থা, জীৱন প্ৰনালী, পাৰম্পৰিক সংস্কৃতিৰ বিচিত্ৰতা পৃথিৱীতেই বিৰল...!!!

সহায় লৈ......