সমললৈ যাওক

দীপাংকৰ ভট্টাচাৰ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
02:07, 9 August 2024-ত 2401:4900:38cd:b45d:e96e:c4ec:dfc9:3a5a (আলোচনা) সদস্য‌ই কৰা সংশোধন (খেলুৱৈ জীৱন)
(সালসলনি) ← আগৰ সংশোধন | শেহতীয়া সংশোধন (সালসলনি) | নতুন সংশোধন → (সালসলনি)
দীপাংকৰ ভট্টাচাৰ্য

দীপাংকৰ ভট্টাচাৰ্য
জন্ম ১ ফেব্ৰুৱাৰী, ১৯৭২ (৫২ বছৰ)
গুৱাহাটী, অসম
বাসগৃহ পশ্চিমবংগ
নিয়োগকৰ্তা অইল ইণ্ডিয়া কৰ্পৰেচন
দাম্পত্যসঙ্গী ডালিয়া ভট্টাচাৰ্য (২০০১-বৰ্তমানলৈকে)

দীপাংকৰ ভট্টাচাৰ্য (ইংৰাজী: Dipankar Bhattacharjee) অসমৰ এগৰাকী প্ৰখ্যাত বেডমিণ্টন খেলুৱৈ।[1] তেওঁ বাৰ্চিলোনা তথা আটলাণ্টাত অনুষ্ঠিত অলিম্পিককে ধৰি ভালেসংখ্যক আন্তৰ্জাতিক খেল প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰিছে। তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপত তিনিবাৰকৈ বিজয়ী আৰু দুবাৰ ৰাণাৰ-আপ হৈছিল। তদুপৰি বাৰ্চিলোনা অলিম্পিকত দীপাংকৰ ভট্টাচাৰ্যই বিশ্বৰ ভিতৰতে অষ্টম স্থান পাবলৈ সক্ষম হৈছিল।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

দীপংকৰ ভট্টাচাৰ্যৰ জন্ম হয় অসমৰ গুৱাহাটীত ১৯৭২ চনৰ ১ ফেব্ৰুৱাৰীত। দীপংকৰ ভট্টাচাৰ্যই পিতৃ ইশ্বৰ ভট্টাচাৰ্যৰ তত্ত্বাবধানত দুবছৰ বয়সৰ পৰাই বেডমিণ্টন খেলাৰ প্ৰশিক্ষণ লাভ কৰে। দীপংকৰ হৈছে ভাৰতৰ আগশাৰীৰ ব্যৱস্থাপনা শিক্ষানুষ্ঠান এছ পি জৈন ইনষ্টিটিউট অব মেনেজমেন্ট এণ্ড ৰিচাৰ্ছ ৰ এজন এম বি এ গ্ৰেজুয়েট আৰু বৰ্তমান তেওঁ মুম্বাইঅইল ইণ্ডিয়া কৰ্পৰেচনত কৰ্মৰত এগৰাকী বিষয়া। তেখেতে ২০০১ চনত কলিকতাৰ ডাহিলা বেনাৰ্জীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। ২০০৪ চনত তেওঁ পেছাদাৰী বেডমিণ্টন খেলৰ পৰা অৱসৰ গ্ৰহণ কৰে।

খেলুৱৈ জীৱন

[সম্পাদনা কৰক]

১৯৮০ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা চাব-জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত ৰানাৰৰ্চ-আপ সন্মান লাভ কৰে। ১৯৮৭ চনত চেন্নাইৰ জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত তেওঁ বিজয়ী হয়। পৰৱৰ্ত্তী কালত তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপত তিনিবাৰকৈ বিজয়ী আৰু দুবাৰ ৰানাৰ-আপ হ'বলৈ সক্ষম হৈছিল। বাৰ্চিলোনা তথা আটলাণ্টাত অনুষ্ঠিত অলিম্পিককে ধৰি ভালেসংখ্যক আন্তৰ্জাতিক খেল প্ৰতিযোগিতাত দিপাংকৰ ভট্টাচাৰ্যই ভাৰতক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰিছে। তদুপৰি বাৰ্চিলোনা অলিম্পিকত তেওঁ বিশ্বৰ ভিতৰতে অষ্টম স্থান পাবলৈ সক্ষম হৈছিল।

২০০৪ চনত তেওঁ গুৱাহাটীত অনুষ্ঠিত ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত অন্তিমবাৰৰ বাবে অংশগ্ৰহণ কৰি অৱসৰ গ্ৰহণ কৰে। বৰ্তমান তেওঁ বেডমিণ্টন প্ৰশিক্ষণৰ এক কেন্দ্ৰ (Iswarati Center for Badminton Learning)-ৰ সৈতে জড়িত হৈ আছে।

কৃতিত্ব

[সম্পাদনা কৰক]
  • চাব-জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ, গুৱাহাটী, ১৯৮০ :ৰানাৰ-আপ
  • জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ, চেন্নাই, ১৯৮৭ :বিজয়ী
  • ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপ:তিনিবাৰকৈ বিজয়ী
  • ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপ:দুবাৰ ৰানাৰ-আপ
  • বাৰ্চিলোনা (১৯৯২) আৰু আটলাণ্টা (১৯৯৬) অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]