সমললৈ যাওক

আই চি চি পুৰুষ টুৱেণ্টি২০ বিশ্বকাপ ২০২৪

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আই চি চি পুৰুষ টুৱেণ্টি২০ বিশ্বকাপ ২০২৪
দিনাংক ১ জুন – ২৯ জুন ২০২৪
প্ৰশাসক(সমূহ) আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ
ধৰণ টুৱেণ্টি২০ আন্ত:ৰাষ্ট্ৰীয়
প্ৰতিযোগিতাৰ ধৰণ(সমূহ) দলীয় পৰ্যায়, ছুপাৰ ৮ আৰু নক আউট
আয়োজক(সমূহ)  ৱেষ্ট ইণ্ডিজ
 আমেৰিকা যুক্তৰাষ্ট্ৰ
দলৰ সংখ্যা ২০
মুঠ খেলৰ সংখ্যা ৫৫
আনুষ্ঠানিক ৱেবছাইট আধিকাৰিক ৱেবছাইট

আই চি চি পুৰুষ টুৱেণ্টি২০ বিশ্বকাপ ২০২৪ (ইংৰাজী: 2024 ICC Men's T20 World Cup) হৈছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় টি-২০ দ্বিবাৰ্ষিক বিশ্বকাপৰ নৱম সংস্কৰণ। ২০২৪ চনৰ ১ৰ পৰা ২৯ জুনলৈকে ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত খেলসমূহ অনুষ্ঠিত হ'ব।[1] উল্লেখযোগ্য যে, আমেৰিকাত অনুষ্ঠিত হোৱা এইখনেই হৈছে প্ৰথম আইচিচিৰ প্ৰতিযোগিতা৷ [2] ৱেষ্ট ইণ্ডিছে টি-২০ বিশ্বকাপ দ্বিতীয়বাৰৰ কাৰণে আয়োজন কৰি আছে। ইয়াৰ আগতে তেওঁলোকে ২০১০ চনত আয়োজন কৰিছিল৷[3]টি-২০ বিশ্বকাপৰ পূৰ্বৰ সংস্কৰণটোত ইংলেণ্ডে ফাইনেলত পাকিস্তানক পৰাস্ত কৰি ডিফেণ্ডিং চেম্পিয়ন হিচাপে এইবাৰ অৱতীৰ্ণ হৈছে।

২০২২ চনৰ প্ৰতিযোগিতাত অংশ লোৱা ১৬টা দলৰ সংবৰ্ধন হৈ এইবাৰ অভিলেখসংখ্যক ২০টা দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে৷ ইয়াৰ ভিতৰত আয়োজক দেশ আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজ৷ ২০২২ চনৰ সংস্কৰণৰ শীৰ্ষ আঠটা দল, আইচিচি পুৰুষৰ টি-২০আই দলৰ ৰেংকিঙৰ পৰৱৰ্তী দুটা দল আৰু আঞ্চলিক কোৱালিফায়াৰৰ দ্বাৰা নিৰ্ধাৰিত আঠটা দল অন্তৰ্ভুক্ত। কানাডা আৰু উগাণ্ডাই প্ৰথমবাৰৰ বাবে পুৰুষৰ টি-২০ বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে আমেৰিকাই সহ-আয়োজক হোৱাৰ ফলত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিছে।

তথ্যসূত্ৰ

  1. "Next Men's T20 World Cup set to be played from June 4 to 30, 2024" (en ভাষাত). ESPNcricinfo. https://www.espncricinfo.com/story/next-men-s-t20-world-cup-set-to-be-played-from-june-4-to-30-2024-1389921। আহৰণ কৰা হৈছে: 2023-07-28. 
  2. "2024 T20 World Cup: USA granted automatic qualification". BBC Sport. https://www.bbc.co.uk/sport/cricket/61083748. 
  3. "T20 World Cup 2024: Dates, Groups, Venues - NDTV Sports". NDTV Sports. 30 May 2024. https://sports.ndtv.com/t20-world-cup-2024/t20-world-cup-2024-dates-groups-venues-everything-you-need-to-know-5779807#:~:text=The%202024%20ICC%20Men's%20T20,of%20the%20T20%20World%20Cup..