উজনি ছিয়াং জিলা
উজনি ছিয়াং জিলা | |
---|---|
দেশ | ভাৰত |
ৰাজ্য | অৰুণাচল প্ৰদেশ |
সদৰ | ইংকিয়ং |
চৰকাৰ | |
• লোকসভা সমষ্টি | অৰুণাচল পূব |
• বিধানসভা সমষ্টি | ২খন (টুটিং-ইংকিয়ং আৰু মাৰিয়াং-গেকু) |
কালি | |
• মুঠ |
6,188 km2 (2,389 sq mi) |
জনসংখ্যা (2011)[1] | |
• মুঠ |
35,289 |
• ঘনত্ব | 5.7/km2 (15/sq mi) |
উজনি ছিয়াং জিলা (Upper Siang, Pron:/ˈsjæŋ or ˈsɪæŋ/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা। দেশৰ ৬৪০খন জিলাৰ ভিতৰত জনসংখ্যাৰ ফালৰ পৰা উজনি ছিয়াং অন্তিম চতুৰ্থখন জিলা।[2] এই জিলাৰ সংখ্যাগৰিষ্ঠ লোক আদি জনজাতিৰ।
ইতিহাস
[সম্পাদনা কৰক]১৯৯৯ চনত পূৰ্বৰ পূব ছিয়াং জিলাৰ একাংশ পৃথক কৰি উজনি ছিয়াং জিলা প্ৰতিষ্ঠা কৰা হৈছিল।[3]
ভৌগোলিক অৱস্থান
[সম্পাদনা কৰক]উজনি ছিয়াং জিলাৰ মুঠ মাটিকালি ৬১১৮ বৰ্গ কিলোমিটাৰ। এই জিলাৰ সদৰ ঠাই ইংকিয়ং (Yingkiong)[4]
জিলাখনত উজনি ছিয়াং জলবিদ্যুৎ প্ৰকল্প অৱস্থিত।
প্ৰশাসনিক বিভাগ
[সম্পাদনা কৰক]উজনি ছিয়াং জিলাত অৰুণাচল প্ৰদেশৰ বিধানসভাৰ দুটা সমষ্টি আছে: টুটিং-ইংকিয়ং (Tuting-Yingkiong) আৰু মাৰিয়াং-গেকু (Mariyang-Geku) সমষ্টি। এই দুয়োটা পূব অৰুণাচল লোক সভা সমষ্টিৰ অন্তৰ্গত।[5]
জনসংখ্যা
[সম্পাদনা কৰক]২০১১ চনৰ লোকপিয়ল অনুসৰি উজনি ছিয়াং জিলাৰ মুঠ জনসংখ্যা ৩৫,২৮৯ জন।[6] জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৬৩৭।[6] জিলাখনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত পাঁচজন।[6] ২০০১-২০১১ দশকত এই জিলাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ২০০১-২০১১।[6] উজনি ছিয়াং জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৮৯১ গৰাকী।[6] জিলাখনৰ সাক্ষৰতাৰ হাৰ ৫৯.৯৪%।[6]
উজনি ছিয়াং জিলাৰ অধিবাসীসকল মূলত: আদি আৰু মেম্বা (Memba) জনজাতিৰ লোক। আদি লোকসকলে ডনী প’ল’ আৰু মেম্বা সকলে তিব্বতীয় বৌদ্ধ ধৰ্ম অনুসৰণ কৰে।
জিলাখনত ব্যৱহৃত প্ৰধান ভাষাটো হৈছে আদি ভাষা। এই ভাষা চীন-তিব্বতীয় মূলৰ আৰু ইয়াক তিব্বতীয় লিপি আৰু লেটিন লিপি দুয়োবিধ ব্যৱহাৰ কৰি লিখা হয়। বৰ্তমান আদি ভাষা ভাষী লোকৰ সংখ্যা ১,৪০,০০০ বুলি জান যায়।[7]
জৈৱবৈচিত্ৰ্য
[সম্পাদনা কৰক]১৯৮৬ চনত উত্তৰ ছিয়াং জিলাৰ ৪৮৩ বৰ্গ কিলোমিটাৰ অঞ্চল আগুৰি মৌলিং ৰাষ্ট্ৰীয় উদ্যান (Mouling National Park) প্ৰতিষ্ঠা কৰা হয়।[8] এই জিলাতে এক সম্পূৰ্ণ নতুন আপুৰুগীয়া স্তন্যপায়ী প্ৰাণী আৱিষ্কাৰ হয়। এই প্ৰাণীটোৰ নাম Mebo giant flying squirrel (Petaurista siangensis)।[9]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 "District Census 2011". Census2011.co.in. http://www.census2011.co.in/district.php.
- ↑ "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30.
- ↑ Law, Gwillim (25 September 2011). "Districts of India". Statoids. http://www.statoids.com/yin.html। আহৰণ কৰা হৈছে: 2011-10-11.
- ↑ Srivastava, Dayawanti et al. (ed.) (2010). "States and Union Territories: Arunachal Pradesh: Government". India 2010: A Reference Annual (54th সম্পাদনা). প্ৰকাশক New Delhi, India: Additional Director General, Publications Division, Ministry of Information and Broadcasting (India), Government of India. পৃষ্ঠা. 1113. ISBN 978-81-230-1617-7.
- ↑ "Assembly Constituencies allocation w.r.t District and Parliamentary Constituencies". Chief Electoral Officer, Arunachal Pradesh website. http://ceoarunachal.nic.in/Information/ACwiseDistrictwisePCwise.htm। আহৰণ কৰা হৈছে: 21 March 2011.
- ↑ 6.0 6.1 6.2 6.3 6.4 6.5 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30.
- ↑ M. Paul Lewis, ed. (2009). "Adi: A language of India". Ethnologue: Languages of the World (16th ed.). Dallas, Texas: SIL International. Retrieved 2011-09-28.
- ↑ Indian Ministry of Forests and Environment. "Protected areas: Arunachal Pradesh". Archived from the original on 23 August 2011. https://web.archive.org/web/20110823163836/http://oldwww.wii.gov.in/envis/envis_pa_network/index.htm। আহৰণ কৰা হৈছে: 25 September 2011.
- ↑ Choudhury, A.U. (2013). Description of a new species of giant flying squirrel of the genus Petaurista Link, 1795 from Siang Basin, Arunachal Pradesh in North East India. The NL & Journal of the Rhino Foundation for nat. in NE India 9: 30–38, plates.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]চীন | ||||
পশ্চিম ছিয়াং জিলা | উজনি দিবাং উপত্যকা জিলা | |||
উজনি ছিয়াং জিলা | ||||
পূব ছিয়াং জিলা | নামনি দিবাং উপত্যকা জিলা |
|